newsnextone.com | তেজপুৰঃ ৰাজ্যত একাংশ লোকে পিছপৰা শ্ৰেণীৰ লোক নোহোৱা সত্বেও অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ লৈ বিভিন্ন সুবিধা লাভ কৰা থকাৰ দীৰ্ঘ দিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ লগে লগে পিছপৰা শ্ৰেণী সন্মিলনীৰ সম্পাদক অমৰ গগৈয়ে ধনৰ বিনিময়ত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷

সমগ্ৰ ৰাজ্যত অবিচি প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দেওবাৰে তেজপুৰৰ তৰুণ অসম সংঘত পিছপৰা শ্ৰেণী সন্মিলনীৰ এখন সভা অনুষ্ঠিত হয়৷ ৰাজ্যিক সভাখন সমাপ্ত হোৱাৰ অন্তত দুৰ্নীতিৰ অভিযুক্ত তথা পিছপৰা শ্ৰেণী সন্মিলনীৰ নেতা অমৰ গগৈক দোষমুক্ত ঘোষণা কৰা হয়। বিভিন্ন মাধ্যমত ধনৰ বিনিময়ত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অভিযুক্তক দোষমুক্ত ঘোষণা কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

অভিযুক্ত সভাপতি অমৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত অমৰ গগৈৰ বিৰুদ্ধে মিছা অপবাদ দিয়াৰ লগতে এচাম স্বাৰ্থপৰায়ণ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলিহে সভাৰ অন্তত প্ৰকাশ কৰে পিছপৰা শ্ৰেণী সন্মিলনীৰ নেতাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে অমৰ গগৈয়ে পলায়ন কৰি থকা নাই বুলিও কৈ অপপ্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে গোচৰ তৰা হ’ব বুলি কয় অমৰ গগৈয়ে। 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ’ব বুলি কৈ অমৰ গগৈয়ে তেওঁ পলায়নবাদী নহয় বুলি কৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য প্ৰকাশ কৰে। অবিচিৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰী অভিযুক্ত অমৰ গগৈক দোষমুক্ত কৰাত একাংশ লোকে ক্ষোভ প্ৰকাশ কৰে।