newsnextone.com। বঢ়মপুৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্চিৰ মাৰ্জংবাৰ'(বৰমাৰ্জং)গাঁওখন স্বচ্ছ গাওঁ ৰূপে চিহ্নিত কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মাই গভ্ট অসমৰ এটি দলে হৈছে। পশ্চিম কাৰ্বি আংলং জিলাখন অসমৰ ভিতৰতে এখন অতি ভিতৰুৱা জিলা বুলিব পাৰি। স্বাধীনতাৰ ৭০ বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা জিলাখনৰ ৰাইজে স্বচ্ছতাৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্চিৰ অতিকৈ পিচপৰা মাৰ্জংবাৰ'(বৰমাৰ্জং)গাওঁখনক জিলাখনৰ ভিতৰতে 'মাই গভ্ট অসমৰ' অধীনত স্বচ্ছ আৰু সেউজ গাওঁ ৰূপে চিহ্নিত কৰে।যোৱা ১২ ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু মাই গভ্ট অসমৰ এটি দলে গাওঁখনৰ স্বচ্ছতাৰ বিষয়ে বুজ লয়।

মাই গভ্ট অসমৰ তৰফৰ পৰা গাওঁখনত 'ক্লীন এণ্ড গ্ৰীন' শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসমৰ পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ চন্দ্ৰ কান্ত বসুমতাৰী,স্থানীয় বিধায়ক ড০ মানচিং ৰংপি, কাৰ্বি আংলং জিলা স্বায়ত্ব পৰিষদৰ সদস্য ডি  উফিং মাছলাই, জিলা বন বিষয়া, অতিৰিক্ত উপায়ুক্তকে আদি কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

ঐতিহাসিক, কৃষ্টি সংস্কৃতিৰে ভৰপূৰ মাৰ্জংবাৰ'(বৰমাৰ্জং)গাওঁখনৰ ৰাইজে জিলাখনৰ ভিতৰতে স্বচ্ছ গাওঁ হিচাপে স্বীকৃতি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে। স্বাধীনতাৰ ৭০ বছৰৰ পিছতো উন্নয়ন নেদেখা এই  অঞ্চলটোৰ ৰাইজে অঞ্চলটোৰ উন্নয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়।