newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কৰ্ণাটকৰ ২৩তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বিজেপিৰ মুখ্যমন্ত্ৰী য়েদেৰুপ্পাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুকৰণ কৰি বিধানসভাৰ চিৰি চুম্বন কৰা পৰিলক্ষিত হয়৷
উল্লেখ্য যে, ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বেই জয়লাভ কৰাৰ পিছত যেতিয়া সংসদ ভৱনলৈ আহিছিল, তেতিয়া তেওঁ সংসদ ভৱনৰ চিৰিত মূৰ দোঁৱাই প্ৰণাম কৰা দেখিবলৈ পোৱা গৈছিল৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বি এছ য়েদুয়াৰাপ্পাই যেতিয়া বিধানসভাৰ চিৰিত মুৰ দোঁৱাই চুম্বন কৰে, পুনৰ এবাৰ সকলোৱে নৰেন্দ্ৰ মোডীলৈ মনত পেলায়৷