গুৱাহাটীঃ গালি খাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ সৰ্বত্ৰে এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি। ছ’চিয়েল মিডিয়া ফেচবুকতো দেখা গৈছে একেই পৰিৱেশ। আচৰিত ধৰণে নিজৰ ফেচবুক পেজতো এইবাৰ পোনপটীয়াকৈ হাজাৰ হাজাৰ গালি খাবলগীয়াত পৰিছে জাতীয় নায়ক আখ্যা পোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰহস্যজনক নীৰৱতা অৱলম্বন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক পেজৰ পৰা যোৱা ৮ জানুৱাৰীত আপলোড কৰিছিল এটা পোষ্ট। পোষ্টটোৰ বিষয় আছিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ। 

পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বৰ্তমানৰ পৰিৱেশক উপেক্ষা কৰি দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ৰাইজক নতুন বছৰৰ আৰম্ভণিতে এক অনন্য উপহাৰ প্ৰদান কৰিছে। সেই উপহাৰ হৈছে কেবিনেটত ৬ জনগোষ্ঠীত জনজাতিকৰণ প্ৰদান সন্দৰ্ভত লোৱা সিদ্ধান্ত। 

মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কেবিনেটে লোৱা সিদ্ধান্তক এক ঐতিহাসিক সিদ্ধান্তও আখ্যা দিছে। পোষ্টটোত তেওঁ লিখিছে, 'পূৰ্বতে কোনো এখন চৰকাৰেই অসম আৰু অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত কেন্দ্ৰীয় কেবিনেটত এনে দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰাৰ সাহস দেখুওৱা নাছিল। এই বলিষ্ঠ পদক্ষেপে অসমৰ খিলঞ্জীয়া জাতিসত্তাক নীতিগতভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে স্বকীয়তা সুৰক্ষিত কৰিব।’

সমগ্ৰ ৰাজ্য যিটো বিষয়ক লৈ উত্তাল হৈ আছে, মুখ্যমন্ত্ৰীগৰাকীৰ পৰা যিটো বিষয়ত এষাৰি স্পষ্ট মাত শুনিব বিচাৰিছে তেনে সময়ত এনেধৰণৰ আন এক প্ৰসংগ উত্থাপন কৰাত ক্ষোভিত হৈ পৰে নেটিজেনসকল। ক্ষোভিত নেটিজেনসকলে কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰে নিজৰ ক্ষোভ।

পোষ্টটোত এই পৰ্যন্ত ৰিয়েক্ট কৰিছে অতি কমেও ৭হাজাৰ লোকে। ইয়াৰে ১,৪০০ জনে হাঃ হাঃ ৰিয়েক্ট কৰাৰ লগতে আন ১,৪০০ জনে এংগ্ৰি ৰিয়েক্ট প্ৰকাশ কৰা দেখা গৈছে। লাভ ৰিয়েক্ট কৰিছে মাত্ৰ ২৯৭ জনে। পোষ্টটোত কমেণ্টৰ সংখ্যা হৈছে ৪,৬০০। আচৰিত ধৰণে ৪,৬০০ কমেণ্টৰ ৯৮ শংতাশ কমেণ্টেতে দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ।

কোনোৱে যদি তেওঁক শিয়ালতকৈ ধূৰ্ত আখ্যা দিছে আন কোনোৱে আকৌ তেওঁক জাতীয় খলনায়ক নাম দিছে। কোনো কোনো নেটিজেনে তেওঁক বদনৰ সৈতে ৰিজোৱাও দেখা গৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ প্ৰাসংগিক হৈ থকা সময়ত জনজাতিকৰণৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীক অসমৰ ৰাইজক প্ৰলোভিত নকৰিবলৈকো একাধিক নেটিজেনে সকীয়নি প্ৰদান কৰিছে।

'আপোনাৰ নিকৃষ্ট ৰাজনীতি এয়া৷ লালিপপ দেখুৱাই অসমীয়াৰ ক্ষোভক সাময়িকভাবে ফুচুলাই ৰখাৰ কৌশল বুলি সকলোৱে জানিলে৷ আপুনি বদনতকৈও নিকৃষ্ট৷’-এজন ফেচবুক ইউজাৰৰ মন্তব্য।

আন এজন ইউজাৰে লিখিছে, 'আপুনি জাতিদ্ৰোহী, দেশদ্ৰোহী, ভক্ষক আৰু পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰীজন হয়তো আপুনিয়েই। এটা কাম কৰক নহয় আপুনি অসম এৰি বাংলাদেশলৈ গুচি যাওঁ‌ক, নহয় আপুনি আত্মহত্যা কৰক।’

'কি ফটুৱা কথা কয়হে! নিজৰ দ্বায়িত্ব পালন কৰক৷ জাতিৰ অস্তিত্বৰ সময়ত জাতিৰ কাষত নাথাকি মৌনানন্দৰ ভাও কৰে কৰক৷ এনেই মুখ্যমন্ত্ৰীৰ চকীত বহি অসমক, অসমৰ খিলঞ্জীয়াক লজ্জিত নকৰিব৷’-এজন নেটিজেনৰ মন্তব্য।

এনেদৰে কমেণ্টত ৪ সহস্ৰাধিক গালি খাবলগীয়াত পৰিছে দুবছৰ আগতে সকলোৰে প্ৰিয় নেতা হিচাপে পৰিচিত মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ইয়াৰ আগলৈকে মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজত কোনো পোষ্টতে এনেধৰণৰ ক্ষোভ জড়িত কমেণ্ট দেখা পোৱা হোৱা নাছিল।

প্ৰায় এমাহ আগলকৈ @SarbanandaSonowal হেণ্ডলৰ পেজটোৰ অধিকাংশ পোষ্ট ভৰি আছিল প্ৰশংসাসূচক কমেণ্টৰে। কিন্তু সময়ৰ গতিত এতিয়া ৰাজপথত ক’লা পতাকাৰ মুখামুখি হ’বলগীয়া হোৱা 'জাতীয় নায়ক’ মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজ ভৰি পৰিছে কেৱল গালি-শপনিৰে।