গুৱাহাটীঃ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্য্যকালত ব্যাপক দুৰ্নীতি আৰু ছিণ্ডিকেটৰাজ সংঘটিত হোৱাৰ অভিযোগ তোলা বিজেপিৰ হাতত এতিয়া ৰাজ্য শাসনৰ বাঘজৰী। পৰিৱৰ্তনৰ দোহাই দি ৰাজ্য শাসনৰ বাঘজৰী ধৰা সৰ্বানন্দ চৰকাৰৰ দিছপুৰৰ মছনদৰ পৰাই এক ছিণ্ডিকেট ব্যাপক হাৰত সংঘটিত হোৱাৰ তথ্য লাভ কৰিছে newsnextone.com-এ।

প্ৰাপ্ত তথ্য অনুযায়ী এই ছিণ্ডিকেটৰ পৃষ্ঠপোষকৰ ভূমিকাত আছে গেৰুৱা দলটোৰ গুৱাহাটীৰ এগৰাকী বিধায়ক। এই ছিণ্ডিকেট সৃষ্টি হৈছে বেলতলাৰ কয়লা বজাৰক লৈ। বিগত কেইমাহমান পূৰ্বে উচ্চতম ন্যায়লয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ত ইতিপূৰ্বে খনন সমাপ্ত হোৱা কয়লা সমূহ ২০১৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত সৰবৰাহ তথা বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে। মেঘালয়ৰ কয়লাৰ চালান সৰবৰাহ হোৱাৰ লগে লগে ক্ৰমাৎ সক্ৰিয় হৈ পৰে এচাম দালাল চক্ৰ।

দালাল চক্ৰটোৰ মূল কাম হৈছে মেঘালয়ৰ পৰা অভাৰলোড কৰি অনা কয়লাৰ ট্ৰাকসমূহ অসম আৰক্ষী তথা পৰিবহণ বিভাগক 'মেনেজ' কৰি অসমত প্ৰবেশ কৰোৱা। ইয়াৰ বাবে এই দালাল চক্ৰটোৱে  অত্যাধিক বোজা কঢ়িয়াই অনা ট্ৰাক সমূহৰ পৰা ৬-৭ হাজাৰকৈ টকা সংগ্ৰহ কৰে। ইতিমধ্যে এই কয়লা পৰিবহণৰ দালালিত বহু ব্যক্তি জড়িত হৈ পৰিছে। এই দালাল চক্ৰৰ এগৰাকী অন্যতম শক্তিশালী বুলি পৰিচিত মহিলা সীমা গগৈক বিগত বৰ্ষৰ নবেম্বৰ মাহত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও পৰৱৰ্তী সময়ত তেঁও জামিনত মুক্তি লাভ কৰে।

এই ঘটনাৰ পিছতেই হঠাৎ সক্ৰিয় হৈ পৰে অসম চৰকাৰৰ পৰিবহণ বিভাগ। পৰিবহণ বিভাগৰ এনফৰ্চমেন্টৰ যুটীয়া দলে প্ৰথম পৰ্যায়ত যোৰাবাট আৰক্ষী থানাৰ সন্মুখত  অস্থায়ী শিবিৰ পাতি তালাচী আৰম্ভ কৰে। উক্ত তালাচীত পৰিবহণ বিভাগে অত্যাধিক বোজা কঢ়িওৱা বহুকেইখন ট্ৰাক জব্দ কৰে।পৰিবহণ বিভাগৰ ধাৰাবাহিক অভিযানৰ পিছতেই মেঘালয় আৰু বেলতলাৰ কয়লা বজাৰত একপ্ৰকাৰ হুৱা-দুৱাৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত পৰিবহণ বিভাগৰ যুটীয়া অভিযানকাৰী দলটোৱে যোৰাবাটৰ পৰা অস্থায়ী শিবিৰটো কইনাধৰালৈ স্থানান্তৰ কৰে। কইনাধৰাত পৰিবহণ বিভাগৰ এনফৰ্চমেন্টৰ এই যুটীয়া দলটোৱে তালাচী চকী স্থাপন কৰাৰ পিছতেই গেৰুৱা দলটোৰ  একাংশ কৰ্মীয়ে কাষ চাপে উল্লিখিত বিধায়কগৰাকীৰ। স্মৰ্তব্য যে  বিধায়ক গৰাকীৰ ভাতৃ ৰাজ্যৰ এখন জিলাৰ পৰিবহণ বিষয়া হিচাপে কৰ্মৰত। 

বিধায়কগৰাকীৰ পৰামৰ্শ মতে এই চিণ্ডিকেট চক্ৰৰ দালাল সকলে উক্ত পৰিবহণ বিষয়া গৰাকীৰ জৰিয়তে কইনাধৰাৰ এনফৰ্চমেন্ট চেকগেটৰ পৰিদৰ্শক কেইগৰাকীমানৰ সৈতে এক গোপন বুজাবুজিত উপনীত হয়। বুজাবুজি অনুসৰি যিহেতু উক্ত তালাচী চকীত ২৪ ঘন্টাই পৰিবহণ বিভাগৰ দল উপস্থিত থাকে তেনেক্ষেত্ৰত লোকচক্ষুৰ সন্মুখত এই 'অভাৰলোড' ট্ৰাকসমূহ প্ৰবেশ কৰা সম্ভৱ নহয়।

এনে পৰিপ্ৰেক্ষিততে মহানগৰীত ট্ৰাকৰ ন' এনট্ৰি খোলাৰ লগে লগেই এই সময়ছোৱাৰ ভিতৰত মাত্ৰ এঘন্টাৰ বাবে উক্ত ট্ৰাক সমূহ প্ৰবেশৰ অনুমতি প্ৰদান কৰা হয়।উক্ত সময়ছোৱাত পৰিবহণ বিভাগৰ দলটোৱে কিছু সময় জিৰণি লোৱাৰ ভাও জুৰে। এই সময়ছোৱাতে পাৰ হয় অত্যাধিক বোজা কঢ়িওৱা  ট্ৰাকসমূহ। যিহেতু কোনো নিৰ্দিষ্ট সময়ত এই ট্ৰাক সমূহ পাৰ হ'লে সন্দেহ ওপজাৰ সম্ভাৱনীয়তা নথকা নহয়, সেয়েহে এই ছিণ্ডিকেট চক্ৰটোৱে এনফৰ্চমেন্টৰ বিষয়াসকলৰ লগত গোপন বুজাবুজিৰে দৈনিক এঘন্টীয়া  সময়ৰ পৰিৱৰ্তন কৰে।

এনেদৰে বিগত প্ৰায় এমাহ ধৰি ছিণ্ডিকেট চক্ৰটোৱে দৈনিক ১০০ ৰ পৰা ১৫০ খন অভাৰলোড ট্ৰাক অসমত প্ৰবেশ কৰোৱাই দৈনিক ১০ লক্ষাধিক টকা সংগ্ৰহ কৰি আহিছে। এই ছিণ্ডিকেট চক্ৰটোৰ লগত বিধায়ক গৰাকীৰ অতি ঘনিষ্ঠ তথা দলীয় শীৰ্ষ পদবীত থকা জনৈক টাৰো, আহমেদ, হালৈ  নামৰ ব্যক্তি জড়িত বুলি ব্যাপক চৰ্চা লাভ কৰিছে।

এই ছিণ্ডিকেটৰ জৰিয়তে সংগ্ৰহ হোৱা ধনৰ সিংহ ভাগেই বিধায়কজনে লাভ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যি সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰে দুৰ্নীতিক কোনো কাৰণতেই  প্ৰশ্ৰয় দিয়া নহ'ব বুলি সদম্ভে ঘোষণা কৰি আহিছে ঠিক সেই সময়তেই তেওঁৰেই দলৰ এগৰাকী  জ্যেষ্ঠ বিধায়কৰ ছত্ৰছায়াত ছিণ্ডিকেট চক্ৰ গঢ় লৈ উঠাত মুখ্যমন্ত্ৰী সোণোৱালে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।