ডিজিটেল ডেস্কঃ প্ৰতিযোগিতাৰ দৌৰত সকলোৱে সফল হ’ব বিচাৰে৷ শিক্ষা, সম্পৰ্ক, জীৱন সকলোতে মানুহে বিচাৰে চাকচেছ আৰু চাকচেছ৷ বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে বাহিৰত আঁৰি থোৱা হয় কাট অৱ মাৰ্কৰ তালিকা৷ ভাল কলেজ এখনত পঢ়ি জীৱনটো সফল কৰাৰ মানসত সকলোৱা সেই কাট মাৰ্কৰ নম্বৰ ঢুকি পোৱাৰ যত্ন কৰে৷ কিন্তু সকলোৱে জানো সফল হ’ব পাৰে৷ এই পৃথিৱী অসফলৰ বাবে নহয় বুলি কোনোবাই কৈ যোৱা এষাৰ কথাত থমকি ৰয় বহু বিফল মনৰ কাহিনী৷

প্ৰতিযোগিতাৰ পৃথিৱীত বিশ্বৰ প্ৰত্যেকখন কলেজ ইউনিভাৰ্চিটিয়ে অমুক নম্বৰ পাব লাগিব, তমুক নম্বৰ পালে এডমিচন লব পাৰিব আদি কাট অৱ মাৰ্ক দিয়াৰ সময়তে আমেৰিকাৰ এখন কলেজৰ কথা পোহৰলৈ আহিছে৷ য’ত কেৱল বিফল লোকসকলক হে শিক্ষাদান কৰা হয়৷

মেছাচ্যুচেট ইউনিভাৰ্চিটিৰ অধীনত আমেৰিকাৰ স্মীথ কলেজে বিভিন্ন বিষয়ত ফেইল কৰা লোক সকলক পাঠদান কৰি আহিছে৷ ‘ফেইলাৰ ৱেল’ নামৰ কলেজৰ এই পাঠদান প্ৰক্ৰিয়াত ফেইল কৰাটো যে কোনো অপৰাধ নহয়, সেয়া বুজোৱাৰ লগতে বিফলতাক কেনেদৰে নিয়ন্ত্ৰন কৰিব পাৰি তাক অনুধাৱন কৰোৱা হয়৷

জীৱনত হওঁক বা খেল পথাৰত, সম্পৰ্কত হওঁক বা শিক্ষাত সকলো অসফল ব্যক্তিয়ে স্মীথ কলেজত এডমিছন লব পাৰে৷ এই শিক্ষানুষ্ঠানখনত প্ৰত্যেক বিফল ব্যক্তিক সফলতাৰ দিশে ধাৱমান হ’বলৈ অনুপ্ৰাণিত কৰাৰ লগতে বিশেষ অধ্যাপকৰ দ্বাৰা পাঠদান কৰা হয়৷

আমেৰিকাৰ দৰে ৰাষ্ট্ৰ এখনত থকা এনে এখন ব্যতিক্ৰমী কলেজৰ কথা এতিয়া সমগ্ৰ বিশ্বত বিয়পি পৰাৰ সমান্তৰালকৈ জনপ্ৰিয়ও হৈ পৰিছে৷

যিখন পৃথিৱীত ফেইলাৰৰ বাবে জেগা নাই, সেইখন পৃথিৱীতে স্মীথ কলেজৰ নিচিনা এখন ব্যতিক্ৰমী চিন্তাৰ শিক্ষানুষ্ঠানে মানুহৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷