ডিজিটেল ডেস্কঃ কাঠুৱা আৰু উন্নাও কাণ্ডই দেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে৷ এটি নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত মনমোহন সিঙে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ কটাক্ষ কৰি কয় ‘‘প্ৰধানমন্ত্ৰীয়ে আমাক যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ তেওঁ নিজে অনুসৰণ কৰক৷ বেছি কৈ কথা কওক তেওঁ৷’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উন্নাও আৰু কাঠুৱা কাণ্ড সন্দৰ্ভত বহু পলমকৈ হলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত মনমোহন সিঙে নিজকে সুখী বুলি কয়৷ বিজেপিয়ে মৌন মনমোহন সিং বুলি কটুক্তি কৰা সন্দৰ্ভত মনমোহন সিঙে কয় ‘‘সমগ্ৰ জীৱন এই ধৰণৰ মন্তব্য শুনিছো৷