বিশ্বনাথ চাৰিআলিঃ হিন্দু চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু প্ৰতাপগড় আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ বৰপুখুৰী চাহ বাগিচাৰ লক্ষীনাৰায়ণ মন্দিৰ প্ৰাংগনত আজি সামূহিক বিবাহ অনুষ্ঠিত হয়।
সম্পূৰ্ণ বৈদিক পদ্ধতিৰে একেখন ৰভাতলীতে ছয় শতাধিক যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন কৰে মথুৰাৰ বঞ্চিৱট সেৱা আশ্ৰমৰ স্বামী অমৃতানন্দ মহাৰাজে। উল্লেখ্য যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা একাংশলোকে ধৰ্মীয় নীতি-নিয়মৰে বিবাহ নোহোৱাকৈ যুগ্ম জীৱন যাপন কৰিছিল। এনেদৰে যুগ্ম জীৱন আৰম্ভ কৰা বহু সংখ্যকে আজি দৰা-কইনাৰ সাজত এই মণ্ডপত বহে।
হিন্দু জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদ-পূৰ্বোত্তৰ নামৰ সংগঠনটোৱে জাতীয় সংস্কৃতিৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্রত সেৱা আগবঢ়াই অহাৰ কথা উল্লেখ কৰি যিসকললোকে বিভিন্ন অভাৱ-অসুবিধাৰ কাৰণে সামাজিকভাৱে নিজৰ বিয়া পাতিব পৰা নাছিল তেওঁলোকৰ সামাজিক পদ্ধতিৰে বিয়াখন পাতি দিয়াৰ উদেশ্যৰে সামূহিক বিবাহ অনুষ্ঠিত কৰা হয় বুলি আয়োজকে জানিবলৈ দিছে।
এই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্টীয় সহ সংযোজক প্ৰদীপন জী, পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সংগঠক নৰেশ কুমাৰ ভিক্কল, সেৱায়নৰ চাৰ্টাৰ্ড একাউনটেন্ট তথা মেনেজিং ট্ৰাষ্টী সত্য প্ৰকাশ মংগল, নতুন দিল্লীৰ একল বিদ্যা অভিযানৰ পূৰ্ণকলিক প্ৰমুখ বৰ্ষা আগৰৱালা, বিশ্বনাথৰ উপায়ুক্ত অসিতাক্ষ চক্ৰৱৰ্তী, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰৰ সংযোজক ইন্দ্ৰ চাপাগাই, নেপালী সংস্কৃতি সুৰক্ষা সমিতিৰ অসম ৰাজ্যিক প্ৰধান সচিব বিৰেন্দ্ৰ ৰাণা, অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ কৰ্মী অকণ শইকীয়াকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।