গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে বিশ্ব অভিলেখ গঢ়িব খুজিছে বিজেপি চৰকাৰে৷ দেশবাসীক ৰামঠগন দিছে বিজেপিয়ে৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ৷ এক বিবৃতিযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্ৰ-ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক মূল্যবৃদ্ধি সন্দৰ্ভত এনেদৰে উভতি ধৰে৷

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ইমদাদ হুছেইনে স্বাক্ষৰ কৰা এক বিবৃতিযোগে প্ৰতিটো ৰন্ধন গেছৰ মূল্য প্ৰতিদিনে দুটকাকৈ বৃদ্ধি কৰা বুলি অভিযোগ কৰে৷ বিবৃতিযোগে আৰু কয়- আভুৱা ভাৰি চৰকাৰ গঠন কৰা মোদীৰ কাৰ্যকালত অৰ্থাৎ ২০১৬ চনৰ ১ অক্টোবৰত ৫৬৪ টকা মূল্যৰ ৰন্ধন গেছ ২০১৭ চনৰ ১ মাৰ্চত ৮২১ টকা হয়৷ বিগত সময়ছোৱাত প্ৰতিদিনে ১.৭৫ টকাকৈ প্ৰতিটো ৰন্ধন গেছৰ মূল্যবৃদ্ধি হয়৷ বিগত বৰ্ষৰ ১ নৱেম্বৰত ৬০৫ টকা, ১ ডিচেম্বৰত ৬৬২ টকা, ১ জানুৱাৰীত ৬৬৩ টকালৈ বৃদ্ধি কৰাৰ পিছত চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ৭৩২ টকালৈ বৃদ্ধি কৰা হয়৷ ২০১৭ চনৰ এক মাৰ্চত ৮২১ টকালৈ বৃদ্ধি হয় ৰন্ধন গেছৰ মূল্য৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে যদিও ৰাজসাহায্য ১৩৩.৩৮ টকায়ে থাকিল বুলি গুৰুতৰ অভিযোগ আনে কংগ্ৰেছে৷

পৰৱৰ্তী সময়ত ৰাজসাহায্য ১৪৮.৯০ টকাৰ পৰা ২০১.৭২ টকা হয়৷ ২০০.৭৬ টকাৰ পৰা ২৬৭.০২ টকা আৰু ২০১৭ চনৰ ০১ মাৰ্চত ৰাজসাহায্যৰ পৰিমাণ ৩৫২.৪৭ টকা হয় যদিও বিগত পাঁচ মাহত প্ৰতিটো চিলিণ্ডাৰৰ বিপৰীতে ৪৩২.৬২ টকা, ৪৫০.৬২ টকা, ৪৫৬.০১ টকা আৰু ৪৬০.২৮ টকা, ৪৬২.২৪ টকা, ৪৬৪.৯৮ টকা আৰু ৪৬৮.৫৩ টকাত গ্ৰাহকে কিনিব লগাত পৰে বুলি অভিযোগ আনে৷

ৰাইজৰ আপোন বুলি জহাই থকা চৰকাৰখনে ৰাইজক আৰু কিমান দিনলৈ মাধমাৰ শোধাব বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছে৷ মোদীৰ প্ৰতিশ্ৰুতি কেতিয়া ৰক্ষা কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷