Home ৰাজনীতিসাধাৰণ জনতাক ৰামঠগন বিজেপিৰ, প্ৰদেশ কংগ্ৰেছৰ মন্তব্য

সাধাৰণ জনতাক ৰামঠগন বিজেপিৰ, প্ৰদেশ কংগ্ৰেছৰ মন্তব্য

by News Desk
60 views
A+A-
Reset

গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে বিশ্ব অভিলেখ গঢ়িব খুজিছে বিজেপি চৰকাৰে৷ দেশবাসীক ৰামঠগন দিছে বিজেপিয়ে৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ৷ এক বিবৃতিযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্ৰ-ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক মূল্যবৃদ্ধি সন্দৰ্ভত এনেদৰে উভতি ধৰে৷

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ইমদাদ হুছেইনে স্বাক্ষৰ কৰা এক বিবৃতিযোগে প্ৰতিটো ৰন্ধন গেছৰ মূল্য প্ৰতিদিনে দুটকাকৈ বৃদ্ধি কৰা বুলি অভিযোগ কৰে৷ বিবৃতিযোগে আৰু কয়- আভুৱা ভাৰি চৰকাৰ গঠন কৰা মোদীৰ কাৰ্যকালত অৰ্থাৎ ২০১৬ চনৰ ১ অক্টোবৰত ৫৬৪ টকা মূল্যৰ ৰন্ধন গেছ ২০১৭ চনৰ ১ মাৰ্চত ৮২১ টকা হয়৷ বিগত সময়ছোৱাত প্ৰতিদিনে ১.৭৫ টকাকৈ প্ৰতিটো ৰন্ধন গেছৰ মূল্যবৃদ্ধি হয়৷ বিগত বৰ্ষৰ ১ নৱেম্বৰত ৬০৫ টকা, ১ ডিচেম্বৰত ৬৬২ টকা, ১ জানুৱাৰীত ৬৬৩ টকালৈ বৃদ্ধি কৰাৰ পিছত চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ৭৩২ টকালৈ বৃদ্ধি কৰা হয়৷ ২০১৭ চনৰ এক মাৰ্চত ৮২১ টকালৈ বৃদ্ধি হয় ৰন্ধন গেছৰ মূল্য৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে যদিও ৰাজসাহায্য ১৩৩.৩৮ টকায়ে থাকিল বুলি গুৰুতৰ অভিযোগ আনে কংগ্ৰেছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0