newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্বৰ সকলোবোৰ দেশকে ইৰাণৰ পৰা তৈল সামগ্ৰী ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিছিল৷ ডোনাল্ড ট্ৰাম্পৰ এই পৰামৰ্শৰ পিছতে ভাৰতৰ ৰাজনৈতিক মহলতো বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয়৷
বুধবাৰে কংগ্ৰেছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁলোকে আমেৰিকাৰ পৰামৰ্শ গ্ৰহণ কৰিব নেকি আৰু এনে কাৰ্যই ভাৰতৰ পেট্ৰ’ল মূল্য আৰু ৰাষ্ট্ৰীয় হিতৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব নেকি বুলি প্ৰশ্ন কৰে৷