newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্বৰ সকলোবোৰ দেশকে ইৰাণৰ পৰা তৈল সামগ্ৰী ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিছিল৷ ডোনাল্ড ট্ৰাম্পৰ এই পৰামৰ্শৰ পিছতে ভাৰতৰ ৰাজনৈতিক মহলতো বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয়৷ 

বুধবাৰে কংগ্ৰেছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁলোকে আমেৰিকাৰ পৰামৰ্শ গ্ৰহণ কৰিব নেকি আৰু এনে কাৰ্যই ভাৰতৰ পেট্ৰ’ল মূল্য আৰু ৰাষ্ট্ৰীয় হিতৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব নেকি বুলি প্ৰশ্ন কৰে৷

কংগ্ৰেছৰ মুখ্য প্ৰবক্তা ৰণদ্বীপ সূৰজেৱালাই এটা টুইট কৰি কয়, ‘ইৰাণ হৈছে ভাৰতক তেল ৰপ্তানী কৰা তৃতীয় বৃহৎ দেশ৷ প্ৰধানমন্ত্ৰী আৰু পেট্ৰ’লিয়াম মন্ত্ৰীয়ে দেশবাসীক স্পষ্ট কৰি দিয়ক যে তেওঁলোকে আমেৰিকাৰ পৰামৰ্শ অনুসৰি ইৰাণৰ পৰা তেল আমদানি বন্ধ কৰিব নেকি আৰু এনে কাৰ্যৰ ফলত দেশৰ পেট্ৰ’ল মূল্য আৰু ৰাষ্ট্ৰৰ মংগলত কেনেদৰে প্ৰভাৱ পেলাব?’

উল্লেখ্য যে, আমেৰিকাই মঙলবাৰে বিশ্বৰ সকলো দেশকে কয় যে ৪ নৱেম্বৰ পৰ্যন্ত ইৰাণৰ পৰা কেঁচা তেলৰ আমদানী স্থগিত ৰখা হওক৷ ইফালে যদি ইৰাণী কেঁচা তেল ক্ৰয় প্ৰক্ৰিয়া ৪ নৱেম্বৰ পৰ্যন্ত বন্ধ ৰখা নহয়, তেন্তে আমেৰিকান আৰ্থিক প্ৰতিবন্ধকাতৰ সন্মুখীন হ’ব লাগিব বুলিও আমেৰিকাই দেশসমূহক সতৰ্ক কৰি দিয়ে৷