ডিজিটেল ডেস্কঃ নীৰৱ মোডী এতিয়া কংগ্ৰেছৰ বাবে হাঠিয়াৰ হৈ পৰিছে৷ নীৰৱ মোডীক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ৰূপে খ্যাত পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতেই নীৰৱ মোডীক ঢাল হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে৷

মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ পিএনবি কেলেংকাৰীৰ বাবে মোডী চৰকাৰক দোষাৰোপ কৰে কংগ্ৰেছে। কংগ্ৰেছে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী ১১,০০০ কোটি নহয় ২১,৩০৬ কোটি বুলি উল্লেখ কৰে৷ সৰ্ববৃহৎ বেংক কেলেংকাৰী আখ্যা দি এই দুৰ্নীতি বাঢ়ি গৈ ২১,২০৬ কোটি টকা হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে কংগ্ৰেছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত কিয় নীৰৱ বুলিও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে? চৰকাৰে এই বিষয়ত নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি প্ৰশ্ন উত্থাপন কৰি বৃহৎ বিত্তীয় অনিয়ম কেনেদৰে সংঘটিত হ’ল আৰু নীৰৱ মোডী তথা মেহুল চৌকচিয়ে কেনেদৰে ভাৰতৰ বাহিৰত যোৱাৰ অনুমতি পালে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে।

কংগ্ৰেছৰ প্ৰৱক্তা ৰণদ্বীপ সুৰজেৱালাই কয় পিএনবিয়ে নীৰৱ মোডীৰ ১১,৪০০ কোটি টকাৰ ঋণ থকাৰ কথাহে কৈছে। ইয়াৰ উপৰিও ৩০টা বেংকত নীৰৱ মোডীৰ চাৰিটা কোম্পানীৰ নামত ৯,৯০৬ কোটি টকাৰ ঋণ আছে বুলিও কয় কংগ্ৰেছে। ফায়াৰষ্টাৰ ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেড, ফায়াৰষ্টাৰ ডায়মণ্ড ফজ, গীতাঞ্জলি জেমচ লিমিটেড তথা গীতাঞ্জলি এক্সপোৰ্ট কৰ্পোৰেচন নাম উল্লেখ কৰে কংগ্ৰেছে। এয়া ২১,৩০৬ কোটিৰ বিত্তীয় অনিয়ম বুলি উভতি ধৰে কংগ্ৰেছে৷