ডিজিটেল ডেস্কঃ 'অপৰাধ কৰিলে গুলিয়াই মাৰিম’ বুলি ৰাজহুৱা মঞ্চত হুংকাৰ দিয়া যোগীৰ চৰকাৰ নিন্দাৰ পাত্ৰ হৈছে বিৰোধী দলৰপৰা। নাৰীক সুৰক্ষা দিবলৈ সক্ষমতা নথকাৰ অভিযোগ তোলা কংগ্ৰেছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগৰ দাবী তুলিছে।
যোগীৰ শাসনক 'ৰাৱণৰাজ’ আখ্যা দি কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সিঙ সুৰজৱালাই কয়- নাৰীক সুৰক্ষা দিয়াক সম্পুৰ্ণ বিফল হৈছে যোগী চৰকাৰ। তেনে কাৰণতেই ১৮ বছৰীয়া ছোৱালীৰ গণধৰ্ষণ হৈছে, পিতৃয়ে ন্যায় বিচাৰি গৈ আৰক্ষীৰ জিম্মাত থাকোতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
এনে বিফল পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ পদত থাকিবলৈ যোগীৰ কোনো নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰি সিঙে শীঘ্ৰেই যোগীৰ পদত্যাগৰ দাবী তোলে। ইফালে তাৰ পিছতে মঙলবাৰে লক্ষ্ণৌৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আনন্দ কুমাৰে বিষয়টো গভীৰতাৰে লৈ বিশেষ তদন্তকাৰী দল গঠনৰ ঘোষণা কৰে। ঘটনাৰ তদন্তত তৎপৰতা দৰ্শাই মুখ্যমন্ত্ৰী আদিত্যনাথে বুধবাৰে আবেলিৰ ভিতৰত তদন্তকাৰী দলৰ পৰা প্ৰতিবেদন বিচাৰিছে।
উল্লেখ্য যে উন্নাও জিলাখনৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিং চেনগাৰৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ তুলিছিল। ঘটনাই এক তাৎপৰ্যপুৰ্ণ দিশ লৈছিল যেতিয়া কন্যাৰ হকে ন্যায় বিচাৰি যোৱা পিতৃয়ে আৰক্ষীৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুৱাইছিল।