69
newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই বৃহস্পতিবাৰে পুৱাই ৯.৩০ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷
ৰাজ্যপাল বাজুভাই বালাই বুধবাৰে সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে৷ বুধবাৰে সন্ধিয়া ৰাজ্যপালে বাজুভাই বালাই প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰোহটগীৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷