newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ইউনিফৰ্মৰ পৰিৱৰ্তন কৰাৰ প্ৰায় দুটা বছৰ পিছত এইবাৰ কংগ্ৰেছৰ ভাতৃ সংগঠন ‘সেৱা দল’-এও নিজৰ পোছাক সলনি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ পূৰ্বে সেৱা দলৰ সদস্যই বগা কুৰ্তা আৰু পায়জামা পৰিধান কৰিছিল৷
কিন্তু ৰাহুল গান্ধীক অনুসৰণ কৰি এইবাৰ সেৱা দলৰ সদস্যই কুৰ্তাৰ সৈতে নীলা জিন্স পৰিধান কৰিব৷ উল্লেখ্য যে ৰাহুল গান্ধীয়ে কুৰ্তাৰ সৈতে জিন্স পৰিধান কৰাটো ৰাহুলৰ স্বকীয় ষ্টাইল হিচাপে বিবেচিত হৈ আহিছে৷