ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ সমানে সমানে নামি পৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীও৷ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছৰ দলৰ নিৰ্বাচনী প্ৰচাৰ চলায়৷ 

ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীৰ মাজত সামাজিক মাধ্যম যোগে কথাৰ বাক-যুদ্ধ সংঘটিত হৈ থকাও দেখিবলৈ পোৱা গৈছে৷ 

শুকুৰবাৰে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে টুইট যোগে বিজেপি নেতা নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে৷ তেওঁ লিখে, ‘মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, বেংগালুৰুক আপুনি ‘আৱৰ্জনাৰ চহৰ’ আখ্যা দিয়া অপমানজনিত কথা৷ মিছা কথা কোৱা আপোনাৰ কাৰণে তেনেই সহজ, কিন্তু এখন চহৰ নিৰ্মাণ কৰাটোহে আপোনাৰ বাবে কঠিন কাম৷ আপুনি কৰা মন্তব্যই আপোনাৰ মিছলীয়া স্বভাৱটো উনুকিয়াই দিছে৷’

শুকুৰবাৰে ৰাহুল গান্ধীয়ে উত্তৰ কৰ্ণাটকৰ কলবুৰ্গীৰ বীদৰৰ এখন জনসভাত উপস্থিত হয়৷ নিম্ন বৰ্ণ সম্প্ৰদায় অধ্যুষিত অঞ্চলটোত উপস্থিত হৈ কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে নিৰবাচনী প্ৰচাৰ চলায়৷ ইয়াৰ পিছতেই ৰাহুল গান্ধীয়ে কলগী, হুৱলী, গজেন্দ্ৰাগড় আৰু শিংগাঁও অঞ্চলত দলৰ নিৰ্বাচনী প্ৰচাৰ চলায়৷    

ইফালে বৃস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে বেগালুৰুৰ এখন জনসভাত অংশ লৈ কৰ্ণাটক চৰকাক দুৰ্নীতিৰ ‘গ’ল্ড মেডেলিষ্ট’ আখ্যা দিয়াৰ লগতে কংগ্ৰেছ দলক ‘ক্ষমতাৰ নিচাত মাতাল’ বুলি অভিহিত কৰিছিল৷ 

ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক প্ৰত্যুত্তৰ দি নীৰৱ মোডীক বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দি থকাৰ অভিযোগ উত্থাপন কৰে৷ ৰাহুল গান্ধীয়ে দেশত নীৰৱ মোডী, বিজয় মালিয়াৰ দৰে লোকে ভ্ৰষ্টাচাৰত লিপ্ত হোৱাৰ পিছতো প্ৰধামন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰাকলৈও প্ৰশ্ন উত্থাপন কৰে৷  

ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নৰেন্দ মোডীয়ে সিদ্ধাৰামাইয়া চৰকাৰ ‘চিধা-ৰূপাইয়া-চৰকাৰ’ বুলি ইতিকিং কৰি কৈছিল যে সাধাৰণ জনাতাই বিষয়াক ঘোচ নিদিয়াকৈ কৰ্ণাটকত একো কামেই সম্ভৱ নহয়৷

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি টুইটত লিখে, ‘অন্ন ভাগ্য, ক্ষীৰধাৰা, কৃষি যন্ত্ৰ ধাৰা, সূৰ্য ৰথ আঁচনি আৰু কৃষকৰ ঋণ মাফ কৰাৰ ফলত কৃষকসকলৰ জীৱনলৈ বহু পৰিবৰ্তন আহিছে৷’ তেওঁ পুনৰ কয়, ‘যদি এইবাৰ নিৰ্বাচনতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে, তেন্তে আমি আগন্তক ৫ বছৰ কেৱল কৃষকৰ বাবেই কাম কৰিম৷’