61
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ সমানে সমানে নামি পৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীও৷ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছৰ দলৰ নিৰ্বাচনী প্ৰচাৰ চলায়৷
ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীৰ মাজত সামাজিক মাধ্যম যোগে কথাৰ বাক-যুদ্ধ সংঘটিত হৈ থকাও দেখিবলৈ পোৱা গৈছে৷