ডিজিটেল ডেস্কঃ দেশত এটাৰ পিছত এটা ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ লগে লগে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে বিৰোধী আক্ৰমণাত্মক হৈ পৰিছে৷ বিভিন্ন মাধ্যমেৰে শাসকীয় বিজেপি দলক আক্ৰমণ আৰম্ভ কৰিছে বিৰোধী দলে৷ এইবাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে মহিলা-শিশু ধৰ্ষণ কাণ্ডৰ গইনা লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে৷

কমলনাথে বিজেপি দলক আক্ৰমণ কৰি কয় ‘‘মই কৰবাত পঢ়িছিলো বিজেপিৰ এনে ২০গৰাকী নেতা আছে যিয়ে ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত৷ এতিয়া এওঁলোকৰ নাম ভাৰতীয় জনতা পাৰ্টি হ’ব লাগে নে বলাৎকাৰ জনতা পাৰ্টি হ’ব লাগে৷ এই কথা জনগণে ভাবিব লাগিব৷’’ 

ইমানে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰক পুনৰ টুইট কটুক্তি কৰি কয় ‘‘বিজেপিৰ শ্ল’গান দেশৰ জনগণে এতিয়া এনেদৰে কয়...মেক ইন ইণ্ডিয়া ৰেপ ইন ইণ্ডিয়া, বেটী পঢ়াও-বেটী বচাও, বেটী বচাও বেটী ছিপাও, বলাৎকাৰীয়ৌচে বচাও, দেশ বদল ৰাহা হ্যে-বেটীয়েও চে ৰৌজ ৰেপ হৌ ৰাহা হ্যে, ষ্টাৰ্ট আপ ইণ্ডিয়া ৰৌজ ব্ৰেক হৌ ৰাহা হ্যে, বেটীয়া আব কি বাৰ নাৰী কা ইজ্জাত হৌ ৰাহে তাৰ তাৰ৷’’ ইয়াৰ পূৰ্বেও কংগ্ৰেছ নেতা কমলনাথে বিজেপিক আক্ৰমণ কৰি আহিছে৷