newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বৰ্তমান পৰিস্থিতিক লৈ গুলাম নবী আজাদৰ পিছত আন এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৈফুদ্দিন চোজে  কয় যে কাশ্মীৰে পাকিস্তানৰ সৈতে সংযোগ হোৱাৰ পৰিৱৰ্তে স্বকীয় স্বাধীনতাহে বিচাৰে৷

চোজে নিজৰ বিবাদস্পষ্ট মন্তব্য পোষণ কৰি কয় যে কাশ্মীৰে ভাৰতৰ পৰা মুক্ত হ’ব বিচাৰে৷ যদিও তেওঁ এয়া তেওঁৰ ব্যক্তিগত মন্তব্য আৰু দলৰ সৈতে এই মন্তব্যৰ কোনো সামাঞ্জস্য নাই বুলিও স্পষ্ট কৰে৷ আনহাতে ভাৰত চৰকাৰে বিচ্চিন্নতাবাদী আৰু বিক্ষোভকাৰী সকলৰ সৈতে আলোচনা কৰাটোও প্ৰয়োজন বুলি দাবী কৰে চোজে৷ 

ইফালে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ এক মন্তব্যৰ সৈতে মত মিলাই চোজে কয়, ‘মই তেওঁৰ কথাত সমৰ্থন কৰো৷ তেওঁ কোৱাৰ দৰে কাশ্মীৰৰ বাসিন্দাক যদি পাকিস্তান অথবা ভাৰতৰ সৈতে সংযুক্ত হবলৈ সুযোগ দিয়া হয়, তেন্তে কাশ্মীৰে ইয়াৰ পৰিৱৰ্তে স্বকীয় স্বাধীনতাহে কামনা কৰিব৷’ চোজে কয় যে মুশ্বাৰফে ১০ বছৰ আগতেই কৈ যোৱা এই মন্তব্য বৰ্তমানৰ কাশ্মীৰৰ পৰিস্থিতিৰ সৈতে খাপ খাইছে৷ 

চোজে দাবী কৰি কয়, ১৯৫৩ চনৰ পৰা বৰ্তমানলৈ ভাৰতৰ কেইবাখনো চৰকাৰে কেইবাটাও ভুল কৰি আহিছে৷ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু, ছোনীয়ে গান্ধীয়ে কাশ্মীৰৰ দায়িত্ব লোৱাৰ পৰাই কাশ্মীৰে ভাৰতৰ পৰা নিজকে পৃথক অনুভৱ কৰি আহিছে৷ এই বিষয়ে চোজে লিখা এখন গ্ৰন্থ অতি সোনকালে বজাৰতো উপলব্ধ হ’ব বুলি জনায় কংগ্ৰেছ নেতাগৰাকীয়ে৷

আনহাতে কাশ্মীৰ চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন উভটাই লোৱা সন্দৰ্ভত মন্তব্য কৰি চোজে কয়, ‘মোৰ বোধেৰে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ মনত বিৰোধীক লৈ ভয়ৰ সৃষ্টি হৈছে৷ বিৰোধীয়ে একত্ৰিত হৈ বিজেপিক আক্ৰমণ কৰাৰ পূৰ্বেই সেয়ে বিজেপিয়ে সমৰ্থন উভটাই লৈ আত্মৰক্ষাৰ পথ বিচাৰিছে৷’

চোজৰ এই মন্তব্যৰ পিছতে বিজেপি আৰু শিৱসেনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চোজক আক্ৰমণ কৰে৷ তেওঁ কয়, ‘কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সময়ত চৈফুদ্দিন চোজে বৃহৎ কেলেংকাৰী সংঘটিত কৰি লাভাম্বিত হ’ল৷ এনে লোকক আমি কেতিয়াও সন্মানৰ দৃষ্টিৰে নাচাও৷ কাশ্মীৰত যি বাস কৰে, সিয়ে সংবিধান পালন কৰিব লাগিব৷ নহ’লে তেনে লোকক টিকট দি পাকিস্তানলৈ প্ৰেৰণ কৰা হ’ব৷’

আনহাতে শিৱসেনাৰ নেতা মনীষ কয়ান্দেয়ে কয়, ‘চোজৰ মন্তব্যৰ উত্তৰ কংগ্ৰেছেহে দিয়া উচিত৷ যদি তেওঁ পাকিস্তান আৰু মুশ্বাৰফক ইমানেই ভাল পায়, তেন্তে তেওঁ পাকিস্তানলৈ গুছি যোৱা উচিত৷’