newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰকাশ কৰা ভাৰত হৈ পৰিব ‘হিন্দু পাকিস্তান’ মন্তব্যৰ বিৰুদ্ধে পশ্চিম বংগৰ অধিবক্তা চুমিত চৌধুৰীয়ে কলকাতাৰ এখন আদালতত আবেদন জনায়৷ থাৰুৰৰ মন্তব্যই দেশবাসীক অপমান কৰাৰ লগতে সংবিধানক অপমান আৰু ধৰ্মীয় হিংসাক উৎসাহিত কৰা বুলি অভিযোগ উত্থাপন কৰি পশ্চিম বংগৰ অধিবক্তা চুমিত চৌধুৰীয়ে ন্যায়ালয়ত আবেদন জনাইছিল৷
কলকাতাৰ আদালতে ইতিমধ্যে থাৰুৰক নিৰ্দেশ জাৰি কৰি ১৪ আগষ্টৰ ভিতৰত সোশৰীৰে আদালতত উপস্থিত হ’বলৈ কয়৷ এই মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছেও চিন্তা-চৰ্চা কৰি মন্তব্য প্ৰকাশ কৰিবলৈ থাৰুৰক আহ্বান জনাইছিল৷ বিজেপিয়ে থাৰুৰৰ মন্তব্যৰ বাবে ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনাইছিল৷