newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছে বিজেপিতকৈ বহুখিনি পিছ পৰি ৰৈছে৷ এইবাৰ কৰ্ণাটকৰ ভোটাৰে ৰাজ্যখনত পৰিবৰ্তনৰ আশাৰে বিজেপিক ভোটদান কৰাত কংগ্ৰেছ আশাহত হৈছে৷ যাৰ ফলত নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে৷
জানিব পৰা মতে, দিল্লীস্থ আকবৰ ৰোডৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি পৰিলক্ষিত হোৱা নাই৷ কেইজন সংবাদদাতা আৰু দলৰ সাধাৰণ কৰ্মচাৰীৰ বাহিৰে মুখ্য কাৰ্যালয়ৰ চৌহদত কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি নেদেখি কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি লোৱা যেন অনুমান হৈছে৷