নতুন দিল্লীঃ শুকুৰবাৰে সংসদ ভৱনৰ অধিৱেশনত যেন পুনৰাবৃত্তি ঘটিল ইতিহাসৰ। সংসদৰ প্ৰথম ভাষণতে শাসকপক্ষক শানিত ভাষাৰে থকাসৰকা কৰে ৱায়ানাড সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধী বাদ্ৰাই। তেওঁৰ উদাত্ত ভাষণৰ পিছতে এতিয়া কংগ্ৰেছ সমৰ্থকসকলে চৰ্চা চলাইছে- যেন ইতিহাসৰ দাপোনত পুনৰ দৃশ্যায়িত হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী! উল্লেখ্য যে, আইতাক ইন্দিৰা গান্ধী আৰু নাতিনী প্ৰিয়ংকাৰ মাজত দৈহিক সাদৃশ্যক লৈ প্ৰায়ে চৰ্চা চলে যদিও সংসদৰ প্ৰথমটো ভাষণতে আইতাকৰ সৈতে ৰাজনৈতিক সাদৃশ্যও যেন উন্মুক্ত কৰি দিলে প্ৰিয়ংকা গান্ধীয়ে।

সংসদৰ মজিয়াত কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদগৰাকীৰ ভাষণৰ সময়ত শুকুৰবাৰে নিশ্চুপ হৈ পৰা দেখা যায় শাসক-বিৰোধীৰ সকলো সতীৰ্থক। সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত আয়োজিত এক আলোচনাত ভাগ লৈ প্ৰিয়ংকাই আৰম্ভ কৰে সদনৰ তেওঁৰ প্ৰথমটো ভাষণ। ভাষণৰ আৰম্ভণিতে তেওঁ ২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰাপত্তাৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছতে তেওঁ ভাষণত ভাৰতৰ গণতন্ত্ৰ আৰু সংবিধান সন্দৰ্ভত কেইবাটাও গুৰুতৰ বিষয় উত্থাপন কৰে।

প্ৰথমটো ভাষণতে সাংবিধানিক বিতৰ্কৰ জৰিয়তে চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰিয়ংকাই। তেওঁ কয় যে বৰ্তমান দেশৰ সংবিধান দুৰ্বল কৰাৰ প্ৰয়াস চলি আছে, যাৰ ফলত ভাৰতৰ গণতান্ত্ৰিক গাঁথনিৰ গভীৰ ক্ষতি হ’ব পাৰে। ভাষণত প্ৰিয়ংকাই বিশেষভাৱে ভাৰতীয় সংবিধান প্ৰণেতাসকলৰ কথা উল্লেখ কৰি ড০ বি আৰ আম্বেদকাৰ, মৌলানা আবুল কালাম আজাদ, চক্ৰৱৰ্তী ৰাজগোপালাচাৰী আৰু জৱাহৰলাল নেহৰুৰ অৱদানৰ কথা দোহাৰে। তেওঁ কয় যে এইসকল লোকেই ভাৰতৰ জনসাধাৰণক ‘ন্যায়ৰ ঢাল’ দিছিল যদিও নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ শাসনত ইয়াক দুৰ্বল কৰি তোলা হৈছে। তেওঁ উল্লেখ কৰে যে, "মোদী চৰকাৰৰ অধীনত সংবিধান 'জ্বলি আছে', যিটো গণতন্ত্ৰৰ বাবে বিপজ্জনক।"

তেওঁ লগতে কয় যে দেশখনৰ বৰ্তমানৰ পৰিস্থিতি এনেকুৱা যে ইয়াক ব্ৰিটিছ শাসনৰ সময়ৰ সৈতে তুলনাযোগ্য। হাথৰছ আৰু উন্নাও ধৰ্ষণ কাণ্ড আৰু মণিপুৰত সংঘটিত সংঘৰ্ষকে ধৰি বিভিন্ন ঘটনাৰ উদ্ধৃতি দি শাসকীয় দলটোক তীব্ৰ লক্ষ্য কৰি লয় প্ৰিয়ংকাই। বিশেষকৈ তেওঁ কয়, "উত্তৰ প্ৰদেশৰ আগ্ৰাত এজন দলিত অনাময় কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰিছিল, এয়া অতি অমানৱীয়।’’ ইফালে প্ৰিয়ংকাই এই কাণ্ডৰ বিষয়ে উল্লেখ কৰাৰ সময়ত শাসকীয় পক্ষৰ এজন সাংসদে হাঁহি থকা প্ৰত্যক্ষ কৰি তেওঁ কয়, ''আপুনি হাঁহিছে, কিন্তু এয়া অতি দুৰ্ভাগ্যজনক!"

ভাষণত প্ৰিয়ংকাই মোদী চৰকাৰৰ বিভিন্ন নীতিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে সংবিধান দুৰ্বল কৰাৰ পদ্ধতিগত প্ৰচেষ্টা চলিছে। মণিপুৰৰ হিংসা আৰু আদানি বিতৰ্কইও স্থান লাভ কৰে প্ৰিয়ংকাৰ প্ৰথমটো ভাষণতে। প্ৰিয়ংকাই আদানিৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতে ক্ষন্তেক সময়ৰ বাবে সদন উত্তাল কৰি তোলে শাসকীয় সাংসদসকলে। ইয়াৰ পিছতে প্ৰিয়ংকাই কয়, ''ভাৰতীয় সংবিধান কিন্তু সংঘৰ বিধান নহয়।’’ ভাষণৰ এটা সময়ত প্ৰিয়ংকাই কয়, "মোদী চৰকাৰৰ কাৰ্যকালত গণতান্ত্ৰিক পৰিৱেশ যেন ভয়ৰ পৰিৱেশে আৱৰি ধৰিছে।’’

তেওঁ লগতে প্ৰশ্ন কৰে, ''এয়াই নেকি সেই ভাৰত, যিখন ভাৰতৰ সপোন মহাত্মা গান্ধী, আম্বেদকাৰ আৰু নেহৰুৱে দেখিছিল?" সংসদত প্ৰিয়ংকাৰ প্ৰশ্ন- "সকলো দোষ কেৱল নেহৰুৰেই নেকি?" ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ উদ্ধৃতি দি চৰকাৰৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে। তেওঁ কয় যে ১৯৭৫ চনৰ বাবে ক্ষমা বিচৰা হৈছিল যদিও বৰ্তমানৰ চৰকাৰে কেতিয়াও তেনেকুৱা কাম নকৰে। ইয়াৰ উপৰিও প্ৰিয়ংকাই মোদী চৰকাৰৰ ‘কৰ্মচাৰী বিক্ৰী’, ‘সংৰক্ষণ ব্যৱস্থা বিলুপ্ত’ আৰু ‘কৃষক বিৰোধী নীতি’ক সমালোচনা কৰে। বিজেপিয়ে যি কৰিছে সেয়া অতি বিপজ্জনক আৰু জনসাধাৰণৰ বিৰুদ্ধে বুলি দাবী কৰে সাংসদগৰাকীয়ে।

উল্লেখ্য যে, প্ৰিয়ংকাই নিজৰ ভাষণৰ সামৰণি মাৰে সংবিধানৰ মূল মন্ত্ৰ ‘সত্যমেৱ জয়তে’ৰ জৰিয়তে। তেওঁ কয় যে ভাৰত কেতিয়াও কাপুৰুষৰ হাতত নাথাকে, ইতিহাসেই তাৰ সাক্ষী। লক্ষণীয় যে, প্ৰিয়ংকাৰ এই ভাষণ কেৱল তেওঁৰ ৰাজনৈতিক জীৱনৰ এক নতুন অধ্যায় নহয়, সংসদত তেওঁৰ শক্তিশালী উপস্থিতিৰ বাৰ্তা বুলিও মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। ৰাজনৈতিক আলোচকসকলৰ মতে, কংগ্ৰেছৰ সাংসদগৰাকীৰ প্ৰথম ভাষণে এক নতুন ৰাজনৈতিক বক্তৃতাৰ সূচনা কৰিছে, যিয়ে ভৱিষ্যতৰ ভাৰতীয় ৰাজনীতিত বহু পৰিমাণে প্ৰভাৱ পেলাব পাৰে।