newsnextone.com | ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত শাৰীত থিয় দিছিল তেওঁ৷ পেট্ৰলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদন কৰি চাইকেল চলাই ঘুৰি ফুৰিছিল তেওঁ৷ শিলৰ খাদত গৈ মজদুৰৰ দৰে মাটি-শিল মুৰত বোজাই কৰিছিল তেওঁ৷ কলেজ-বিশ্ববিদ্যালয়ত ভাষণ দি তেওঁ কৈছিল- তেওঁ যি যি কৰিব পাৰে, সেই সকলোবোৰেই তেওঁ কৰি গৈছে৷
কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ কাৰ্যদক্ষতাত সন্দেহ কৰিবলগীয়া একো নাই৷ কিন্তু কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পৰা কংগ্ৰেছে যিমানবাৰ নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হৈছে, সিমানবাৰেই বিফলতাৰ মুখ দেখিবলগীয়া হৈছে এসময়ৰ মহাপ্ৰতাপী দলটোৱে৷ কোনো কোনো নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ জমানত বাজেয়াপ্ত হোৱাৰ বিপৰীতে কোনো নিৰ্বাচনত আকৌ সম্পূৰ্ণৰূপেই নিশ্চিহ্ন হৈ গৈছে ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলটো।