গুৱাহাটীঃ অসমৰ বহুকেইটা জ্বলন্ত সমস্যা সমাধানৰ বিষয়ক লৈ আলোচনাৰ বাবে আজি দিল্লীলৈ ৰাওনা হৈছে কংগ্ৰেছৰ এটা প্ৰতিনিধি দল।
বৰ্তমান অসমৰ নাগৰিক পঞ্জীৰ সমস্যা, নাগৰিক পঞ্জীয়নৰ ভিত্তি বৰ্ষ ১৯৭১ চন বাহাল ৰখা, নাগৰিক পঞ্জীয়নৰ ক্ষেত্ৰত পঞ্চায়ত সচিবৰ প্ৰমাণ পত্ৰ বৈধ ৰখাৰ দাবী, অসম চুক্তিৰ ৰূপায়ণ, ডি ভোটাৰৰ সমস্যা সমাধান আদিকে কৰি অসমৰ বিভিন্ন সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব দলটোৱে।