গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ কেইবাটাও বিভাগত পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ তাৰ ভিতৰত ইতিহাস, তৰ্কশাস্ত্ৰ, দৰ্শন বিভাগত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা৷ আনফালে, বিশ্ববিদ্যালয়খনত বিচিএ বিভাগক লৈ কৰ্তন কৰা নকৰাক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা হৈছে৷ 

দৰাচলতে কিছুদিন পূৰ্বে এক জাননীৰ জৰিয়তে কৰ্তৃপক্ষই বিশ্ববিদ্যালখনত বিচিএ বিভাগ নাথাকিব বুলি ঘোষণা কৰিছিল৷ তাৰ পাছতেই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্তক ধিক্কাৰ দিয়াৰ লগতে এই বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷

ইয়াৰ পাছতেই পুনৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিচিও বিভাগ কৰ্তন কৰা নহয় বুলি ঘোষণা কৰে৷ ২০১৯ বৰ্ষৰ বিচিও বিভাগৰ নামভৰ্তিৰ জাননী অতি শীঘ্ৰেই কৰ্তৃপক্ষই আজি আৱেলিৰ ভিতৰত প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে৷ 

কিন্তু পূৰ্বৰ সমানে আসন বাহাল থাকিব এই বিভাগটোত। ইফালে, বিচিএ নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলে ২ জুনলৈকে অনলাইন আৱেদন কৰিব পাৰিব বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

আনহাতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে ২০১৯ বর্ষৰ স্নাতকৰ নাম নামভৰ্তি প্ৰক্ৰিয়া অহা ১২ জুনৰপৰা ১৪ জুনলৈকে অনুষ্ঠিত হ’ব৷