বিগত কিছু বছৰত এক নতুন পৰিৱৰ্তনৰ ধুমুহা বলিছে বিশ্বৰ ৰাজনৈতিক মানচিত্ৰত। শেহতীয়াকৈ জনসাধাৰণৰ ক্ষোভ আৰু বিদ্ৰোহীৰ হেঁচাত গাদীচ্যুত হোৱাৰ নজিৰ গঢ়িছে বিশ্বৰ কেইবাখনো দেশে। গণতন্ত্ৰৰ বাবে কৰা সংগ্ৰাম বা স্বৈৰাচাৰী শাসনৰ অন্ত পেলোৱাৰ বাবে চলা এই বিদ্ৰোহে এফালে যদি সৃষ্টি কৰিছে নতুন ইতিহাসৰ, আনফালে আকৌ নমাই আনিছে ভয়াৱহ ৰক্তপাত আৰু অশান্তি।

অন্যহাতে দেশৰ ভিতৰৰ এনে বিদ্ৰোহে তেনে দেশসমূহৰ ৰাজনৈতিক ভৱিষ্যতক গভীৰভাৱে প্ৰভাৱিত কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰভাৱ পেলাইছে। সমগ্ৰ বিশ্বতে এনে বিদ্ৰোহ আৰু চৰকাৰ পতনৰ ঘটনা ক্ৰমাৎ যেন বৃদ্ধি পাইছে। বাংলাদেশ, লিবিয়া, আফগানিস্তান, শ্ৰীলংকা, টিউনিছিয়া আৰু চুডানৰ দৰে দেশৰ পিছত জনতাৰ অসন্তুষ্টি আৰু বিদ্ৰোহে এইবাৰ নতুন অধ্যায় ৰচিছে ছিৰিয়াতো। 

লক্ষণীয় কথা যে, এই বিদ্ৰোহৰ আঁৰত প্ৰতিখন দেশৰ নিজস্ব পৰিস্থিতি আৰু সংকট আছিল যদিও সকলোতে এটা উমৈহতীয়া বৈশিষ্ট্য দেখা গৈছিল— জনসাধাৰণৰ শাসকসকলৰ প্ৰতি থকা অবিশ্বাস আৰু বিদ্ৰোহীসকলৰ সমন্বিত ইচ্ছা। এক দীঘলীয়া বিদ্ৰোহৰ অন্তত দেওবাৰে ছিৰিয়াত পতন ঘটিল আছাদ শাসনৰ। ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ চৰকাৰে দীৰ্ঘদিন ধৰি সশস্ত্ৰ বিদ্ৰোহীক প্ৰতিহত কৰিবলৈ সংগ্ৰাম কৰি আহিছিল যদিও বিদ্ৰোহীয়ে ৰাজধানী দামাস্কাছ দখল কৰাৰ পিছত পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তন ঘটে। 

সংবাদ মাধ্যমৰ মতে, গাদীচ্যুত হোৱাৰ পিছত নিশাৰ অন্ধকাৰতে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি আছাদ। এয়া বিদ্ৰোহীৰ জয় বুলি গণ্য কৰিব পৰা গ’লেও পিছে এই বিদ্ৰোহেই বিগত দশক ধৰি দুৰ্যোগ চপাইছিল দেশখনৰ সাধাৰণ জনতালৈ। চৰকাৰ আৰু বিদ্ৰোহীৰ সংঘাতময় পৰিস্থিতিত দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল হাজাৰ হাজাৰ লোকে। যিসকলে জন্মভূমিৰ মোহ এৰিব পৰা নাছিল, তেওঁলোকেও জীয়াই থকাৰ বাবে দৈনিক সংগ্ৰাম কৰিবলগীয়া হৈছে। চলিত বছৰৰে মাত্ৰ কিছুমাহ পূৰ্বে একেদৰেই পতন ঘটিছিল বাংলাদেশৰ হাছিনা চৰকাৰৰো। 

বাংলাদেশত গণ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন ঘটিছিল। কোটা সংস্কাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি দেশজুৰি বিয়পি পৰিছিল যুৱ প্ৰজন্মৰ প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভ বৃদ্ধি পোৱাত প্ৰতিবাদৰ হেঁচাত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। কিন্তু ইয়াৰ পিছতো যেন শাম কটা নাই বাংলাদেশৰ গভীৰ ৰাজনৈতিক অস্থিৰতা। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছত এতিয়াও অব্যাহত আছে দেশখনৰ ৰাজনৈতিক বিভাজন আৰু অনিশ্চয়তা আশংকা। একে সময়তে ৰাষ্ট্ৰখনত সংখ্যালঘুৰ ওপৰত প্ৰতিনিয়ত সংঘটিত আক্ৰমণৰ ঘটনাৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো দেশখনৰ ৰাজনৈতিক পৰিস্থিতিক লৈ চৰ্চা চলিছে। 

বিদ্ৰোহীৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আন এখন দেশ হৈছে লিবিয়া। চাৰি দশকৰো অধিক সময় একনায়কত্ববাদী মুয়াম্মাৰ গাদ্দাফীয়ে আফ্ৰিকান দেশ লিবিয়াত শাসন কৰিছিল। ২০১১ চনত জনবিদ্ৰোহে তেওঁক উফৰাই পেলায়। বিদ্ৰোহীয়ে ৰাজধানী ত্ৰিপুলি দখল কৰে। ত্ৰিপুলি দখল কৰাৰ পিছত কেইবাদিনো আত্মগোপন কৰি আছিল গাদ্দাফি। পিছত তেওঁ বিদ্ৰোহীৰ হাতত ধৰা পৰে। তাৰ পিছতে ৰাজপথেৰে চোঁচৰাই নি হত্যা কৰে বিদ্ৰোহীয়ে। তেওঁৰ পুত্ৰকো কাৰাগাৰত কৰাবান্দী কৰি ৰখা হয়, যাক পৰৱৰ্তী সময়ত মৃত্যুদণ্ডৰ শাস্তি বিহে লিবিয়াৰ আদালতে। 

ভাৰতৰ দক্ষিণ দিশৰ চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাও দুবছৰমান পূৰ্বে নাগৰিক অশান্তিৰ মাজত আৱদ্ধ হৈ পৰিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষা আৰু তেওঁৰ ভাতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দ ৰাজাপক্ষাৰ শাসন কালত শ্ৰীলংকাই ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। সাধাৰণ মানুহৰ মাজত সেই চৰকাৰৰ বিৰুদ্ধে উঠিছিল প্ৰতিবাদৰ জোৱাৰ। জনতাৰ এই প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছতে কলম্বোৰ চৰকাৰী বাসগৃহ এৰি বিশেষ সেনাৰ বিমানেৰে দেশৰ পৰা পলায়ন কৰে গোটাবায়া ৰাজাপক্ষাই। পত্নীয়েও সংগোপনে আন এখন দ্বীপ ৰাষ্ট্ৰ মালদ্বীপত বাহৰ পাতে। দেশ এৰাৰ পিছত ই-মেইলযোগেই শ্ৰীলংকাৰ সংসদৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোটাবায়াই। 

আনহাতে, গোটাবায়াই আত্মগোপন কৰাৰ পিছত তেওঁৰ ৰাজপ্ৰসাদটো ক্ষুব্ধ জনসাধাৰণে দখল কৰে। ৰাষ্ট্ৰপতিৰ সাতমহলীয়া ৰাজপ্ৰসাদৰ বিলাসী কোঠাটোত প্ৰৱেশ কৰি একাংশ লোকে দিনৰ টোপনি লোৱা দেখা যায়, আন কোনোবাই কোমল আঠুৱাৰে খেলা দেখা যায়। ৰাষ্ট্ৰপতিৰ বাসগৃহৰ চুইমিং পুলত উল্লাসৰ সাঁতোৰ দিয়ে বহু প্ৰতিবাদী জনতাই। অন্যহাতে, ভাৰতৰ আন এখন চুবুৰীয়া দেশ আফগানিস্তানতো শেহতীয়াকৈ চৰকাৰৰ পতন ঘটিছে। অৱশ্যে এয়া গণ প্ৰতিবাদৰ ফল নহয়। দেশখন দখল কৰে তালিবানে। ২০২১ চনৰ ১৫ আগষ্টত তালিবানে কাবুল দখল কৰিছিল। কেইদিনমানৰ ভিতৰতে তেওঁলোকে চৰকাৰৰ কথা ঘোষণা কৰে। কাবুলৰ পৰা পলায়ন কৰে ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে। 

তালিবানৰ সময়সীমা শেষ হোৱাৰ পূৰ্বেই আফগানিস্তান এৰি যায় আমেৰিকান সেনাই। তেতিয়াৰ পৰাই আফগানিস্তানৰ সিংহাসনত অধিষ্ঠিত হৈ আছে তালিবান। ক্ষমতালৈ অহাৰ পিছৰে পৰা তেওঁলোকে আফগানিস্তানত কেইবাটাও ফতোৱা জাৰি কৰিছে। নাৰীৰ স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে। তালিবান শাসনৰ অধীনত আফগানিস্তানৰ আৰ্থিক সংকটো অধিক ভয়াৱহ হৈ পৰিছে। 

গৃহযুদ্ধত আক্ৰান্ত আফ্ৰিকান দেশ চুডানতো শেহতীয়াকৈ ৰাজনৈতিক ক্ষমতা হস্তান্তৰ কৰা দেখা গৈছে। একনায়কত্ববাদী ওমৰ আল বছিৰৰ ৩০ বছৰীয়া শাসনৰ অন্ত পেলাই ২০১৯ চনত গণঅভ্যুত্থানত তেওঁক ক্ষমতাচ্যুত কৰা হয়। কিন্তু তাৰ পিছতো চুডানত বন্ধ হোৱা নাই গৃহযুদ্ধল। এই যুদ্ধৰ মূল বিৰোধী হ’ল সেই দেশৰ সশস্ত্ৰ বাহিনীৰ দুজন জেনেৰেল - সেনাধ্যক্ষ আব্দেল ফাত্তাহ আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালো। ২০২১ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী আব্দুল্লা হামদাকৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰখনকো উৎখাত কৰিছিল সেনা প্ৰধান বুৰহানে। 

অন্য এখন আফ্ৰিকান দেশ টিউনিছিয়াত গণ প্ৰতিবাদৰ ফলত একনায়কত্ববাদী বেন আলীৰ চৰকাৰৰ পতন ঘটে। ১৯৮৭ চনৰ পৰা ২০১১ চনলৈকে টিউনিছিয়াত তেওঁ ক্ষমতাত আছিল। ২০১১ চনত তেওঁৰ বিৰুদ্ধে গণ প্ৰতিবাদে চৰম ৰূপ লয়। ইয়াৰ পিছতে হেঁচাত পৰি তেওঁ ছৌদি আৰবলৈ পলায়ন কৰে। তেওঁৰ পতনৰ পিছত টিউনিছিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।

এই বিদ্ৰোহৰ ঢৌৱে এফালে গণতন্ত্ৰৰ সম্ভাৱনা সৃষ্টি কৰিছে যদিও আনফালে অৰাজকতাৰ নতুন ৰূপৰ জন্ম দিছে। প্ৰতিটো ঘটনাৰ আঁৰত এক গভীৰ সংকট আছে, যিয়ে কেৱল নিজ নিজ দেশৰ জনসাধাৰণকে নহয়, সমগ্ৰ বিশ্বকে গভীৰভাৱে প্ৰভাৱিত কৰিছে। এই প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহৰ ভূমিকাও গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিন্তু প্ৰশ্নটো ৰৈ গৈছে, এই বিদ্ৰোহৰ পিছত নিজ নিজ দেশে শান্তি আৰু স্থিতিশীলতাৰ পথত আগবাঢ়িব পাৰিবনে?