গোলকগজ্ঞঃ ৰোমিয়-জুলিয়েটৰ পৰা আৰম্ভ কৰি আমাৰ জংকী-পানেইলৈকে। ইতিহাস সাক্ষী আছে প্ৰেমৰ ভাষা বুজাত বাৰে বাৰে ব্যৰ্থ এই সমাজ। হাজাৰ বাৰ ঘটিছে নিষ্পাপ হৃদয়ৰ প্ৰেমৰ কৰুণ পৰিসমাপ্তিৰ বাদে আন কিবাৰ অৱকাশেইবা ক’ত।
তেনেই এক প্ৰেমৰ কৰুণ সমাপ্তি ঘটিল বিটিএডিৰ কাজিগাঁৱত। সমাজ-ধৰ্ম আদিৰ বান্ধোনে সীমাবদ্ধ কৰিব নোৱাৰা প্ৰেমে শেষত চিপজৰীকেই বাচি ল’লে শেষ উপায় হিচাপে।
মলাৱডুবি গাঁৱৰ যুৱতী পিংকি ৰায় আৰু ৰুপসীৰ ভেকুৰচুক গাঁৱৰ যুৱক ফনি ভুষণ ৰায়ৰ মিঠুনৰ প্ৰেম দীৰ্ঘদিনীয়া হ’লেও তেঁওলোকে ঠিকেই বুজিছিল যে পৰিয়ালৰ সন্মতি অবিহনে হয়তো তেঁওলোক সুখী হ’ব নোৱাৰিব। জানিব পৰা মতে দুয়োজনৰ প্ৰেমক লৈ সুখী নাছিল ঘৰ দুখনৰ পৰিয়াল। অহি-নকুল সম্পৰ্ক আছিল দুয়োটা পৰিয়ালৰ।
অৱশেষত প্ৰেম সফল নোহোৱাৰ উমান পাই শেষত চিপজৰী লয় দুয়োজনে। স্থানীয় ৰাইজৰ মতে যোৱানিশা দুয়ো গোপনে আহি পাহাৰৰ দাতিত নিৰ্জন ঠাইডোখৰত চিপ লয়। পুৱাৰ ভাগত গাঁওবাসীয়ে দুয়োকে গছত ওলমি থকা প্ৰত্যক্ষ কৰে।
ঘটনা স্থলীত কাজিগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ দুটা মোবাইল কেবাখনো প্ৰেম পত্ৰ উদ্ধাৰ কৰে।
প্ৰকৃততে আত্মহত্যা কৰাটো ভীৰু বুলি প্ৰতিপন্ন হয়৷
জীৱন যুদ্ধৰ শেষ পৰিণতি আত্মহত্যা হ’বই নোৱাৰে৷ কিন্তু প্ৰেমক সহজভাৱে ল’ব নোৱাৰা সমাজত জীৱনৰ মূল্যক লৈ প্ৰশ্ন উঠাটোও স্বাভাৱিক।