Home বিশ্ববাংলাদেশৰ ইস্কন মন্দিৰত পুৰোহিতসহ ৩৬জন লোক কৰ’নাত আক্ৰান্ত

বাংলাদেশৰ ইস্কন মন্দিৰত পুৰোহিতসহ ৩৬জন লোক কৰ’নাত আক্ৰান্ত

by News Desk
A+A-
Reset
iskon

ঢাকাঃ বাংলাদেশৰ এটি ইস্কন মন্দিৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’নাই। ৰাজধানী ঢাকাস্থিত এই মন্দিৰটোত মূল পুৰোহিতসহ আক্ৰান্ত হৈছে সৰ্বমুঠ ৩৬ জনকৈ লোক। পৰিস্থিতিলৈ চাই চহৰখনৰ স্বামীবাগ অঞ্চলৰ মন্দিৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনে। বাতৰি অনুযায়ী শুকুৰবাৰে নিশাই মন্দিৰটোত থকা লোককেইজনৰ দেহত কৰ’না পজিটিভ ধৰা পৰা সম্পৰ্কে নিশ্চিত হয় বাংলাদেশৰ স্বাস্থ্য বিভাগ।

ঢাকা মহানগৰ আৰক্ষীৰ সহকাৰী আয়ুক্ত শ্বাহ ইফতেখাৰুলে স্থানীয় সংবাদ মাধ্যমক জনাইছে যে মন্দিৰটোত ৩৬ জন লোক আছিল। লোককেইজনৰ বহুতৰে চৰ্দি-কাহ হোৱাত তেওঁলোক আটাইকেইজনৰে টেষ্ট কৰোৱা হয়। টেষ্টৰ প্ৰথম ৰিপ’ৰ্টতে ধৰা পৰে পজিটিভ।  সোমবাৰে লোককেইজনৰ দ্বিতীয় টেষ্ট কৰা হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0