পুনৰ কোভিডৰ সংক্ৰমণ

ভয়াৱহ দিনবোৰ পুনৰ উভতি আহিব নেকি?

গুৱাহাটী,০৬ এপ্ৰিলঃ কোভিডে সমগ্ৰ বিশ্বক স্তব্ধ কৰি ত্ৰাহিমধুসূদন দেখুওৱাৰ পিছত আশা কৰা হৈছিল যে কোভিড শেষ হ’ল৷নতুনকৈ জনজীৱন পূৰ্বৰ দৰেই হবলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত চীন দেশৰ পৰা আহি আছে কোভিড সম্পৰ্কীয়
দুঃসংবাদ৷বেইজিংকে ধৰি বহুকেইখন চহৰত ক্ৰমবৰ্ধমান কোভিড আক্ৰান্তৰ সংখ্যাৰ বাবে পুনৰ লকডাউন আৰম্ভ কৰা হৈছে৷নতুনকৈ বহুকেইটা কোভিডৰ প্ৰকৰণ ধৰা পৰিছে৷তাৰভিতৰত অতি দ্ৰুত সংক্ৰমণ হব পৰা XE প্ৰকৰণ অধিক বিপদজনক বুলি সমগ্ৰ বিশ্বকে সকিয়নী দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
কিন্তু আজি ভাৰত পালেহি ক'ভিডৰ 'XE' আৰু 'কাপা' ভেৰিয়েন্ট । মুম্বাইৰ এগাৰাকী ৫০ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিল ক'ভিডৰ মাৰাত্মক ভেৰিয়েন্ট XE । ২৭ তাৰিখে দক্ষিণ আফ্ৰিকাৰ পৰা অহা মহিলা গৰাকীৰ দেহত ক'ভিডৰ আটাইতকৈ সংক্ৰমক ভেৰিয়েন্ট XE । লগতে আন এজন লোকৰ দেহত ধৰা পৰিল ক'ভিডৰ আন এক ভেৰিয়েন্ট 'কাপা'

এই বাতৰিয়ে আতংকিত কৰিব আৰম্ভ কৰিছে সকলোকে৷নিবিচৰাকৈয়ে পুনৰ কোভিডৰ ভয়ানক সময়বোৰ উভতি আহিব নেকি এই আশংকাত ভুগিছে সকলো ৷