২৪ ঘণ্টাত মহানগৰীত আক্ৰান্ত ১১৩৮

গুৱাহাটী,১২ জানুৱাৰী: ভোগালী বিহুৰ উচাহ উদ্দীপনাৰ মাজতে কোভিডে পুনৰবাৰ শংকা কঢ়িয়াই আনিছে ৰাজ্যখনলৈ।ৰাজ্যচৰকাৰে আগবঢ়োৱা এচ অ' পি ক লৈ বিতৰ্ক চলি থকাৰ মাজতে কোভিড আক্ৰান্তৰ সংখ্যাই অভিলেখ স্পৰ্ষ কৰিবলৈ আগবাঢ়িছে।বুধবাৰৰ দিনটোত ৰাজ্যখনতত্নতুনকৈ কোভিড আক্ৰান্তৰ সংখ্যা হ'ল ৩২৭৪।মঙলবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ২৮৩৭ জন।বুধবাৰৰ দিনটোত মুঠ ৪৯,৯১৫ টা পৰীক্ষা সম্পন্ন কৰা হয়।দিনটোত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হ'ল ৬.৫৬%।আক্ৰান্ত সকলৰ ভিতৰত কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা হ'ল ১১৩৮ জন।আকৌ বুধবাৰৰ দিনটোত কোভিডত ৪ জন লোকৰ মৃত্যু হয়।

হঠাৎ বৃদ্ধি হোৱা কোভিডৰ অভাৱনীয় হাৰে চিন্তাত পেলাইছে সকলোকে।লকডাউনৰ দৰে পৰিবেশ পুনৰ ঘূৰি আহিব বুলিও শংকিত হৈছে একাংশ।