গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলত লাল পতাকা, হাতৰ ঠাইত গেৰুৱা পতাকা উৰিব নেকি? এই কথাক প্ৰতিপন্ন কৰিব মাথো কেইটামান ঘন্টাৰ পিছত৷ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত শনিবাৰে পুৱাৰে পৰা ভোট গণনা অনুষ্ঠিত হ’ব৷ বিজেপিয়ে দাবী কৰা মতে  তিনিওখন ৰাজ্যত গেৰুৱা পতাকা উৰিব৷ ইপিনে চিপিআইএমে ত্ৰিপুৰাত লাল পতাকা আৰু মেঘালয়ত হাতে শেষ হাঁহি মাৰিব বুলি দাবী কৰে৷

২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰৰ নিৰ্বাচনৰ ফলাফল চেমি ফাইনেল হ’ব৷ উত্তৰ প্ৰদেশ, বিহাৰ নতুবা মধ্যপ্ৰদেশৰ দৰে ৰাজ্যৰ দৰে লোকসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ নহয় উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহ৷ কিয়নো দিল্লীত শাসনৰ গাদী দখল কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ লোক সভা আসনে বিশেষ প্ৰভাৱ নেপেলায়৷ তথাপিও ২০১৯ চনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলত বিজেপিক শক্তিশালী কৰিবলৈ বিজেপিয়ে অহৰহ চেষ্টা কৰি আহিছে৷

অনুমান কৰা মতে, শনিবাৰৰ ফলাফলে কংগ্ৰেছক বেয়াকৈ আঘাত দিব পাৰে৷ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত কংগ্ৰেছে ভেটি মজবুত কৰি ৰাখিব পৰা নাই বুলি চৰ্চা আৰম্ভ হৈছে৷ কিন্তু তিনিখন ৰাজ্যৰ ফলাফলে কংগ্ৰেছকৰ উত্থান আৰু পতনত বিশেষ ভূমিকা গ্ৰহণ কৰিব৷

সংবাদ প্ৰতিষ্ঠানৰ এগজিট পল মতে, ত্ৰিপুৰাত বামপন্থী তচনচ হ’ব পাৰে৷ মেঘালয় আৰু নাগালেণ্ডত বিজেপিয়ে ভাল ফলাফল কৰিব পাৰে৷ ত্ৰিপুৰাত বিজেপিয়ে ৩৫-৪০ খন আসন দখল কৰাৰ অনুমান কৰিছে কেইবাটাও অনুষ্ঠানৰ এগজিট পলে৷ আনহাতে আন একাংশ সংবাদ প্ৰতিষ্ঠানৰ মতে, ৪৫-৫০ খন আসনো পাব পাৰে বিজেপিয়ে৷ ত্ৰিপুৰাত বামপন্থীয়ে ১৫-২০ খন আসন লাভ কৰিব পাৰে বুলি প্ৰচাৰ হৈছে৷