গুৱাহাটীঃ প্ৰতিদিনে ৰাজ্যত কোনো নহয় কোনো ঠাইত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মানুহৰ প্ৰাণ গৈছে৷ এনে পৰিপ্ৰেক্ষিতত ২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰিম বুলি প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰৰ শক্তিমন্ত্ৰী পল্লৱলোচন দাসক শীঘ্ৰে পদত্যাগ কৰাৰ দাবীত বৃহস্পতিবাৰে চিপিআইএম দলে প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্যত বিদ্যুৎ সেৱা নিয়মীয়া কৰা, বিদ্যুৎস্পৃষ্ট হৈ মৃত লোকৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতিপূৰণ দিয়া, দোষী অভিযন্তা বিষয়া-কৰ্মচাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহা আৰু দায়ত্বজ্ঞানহীন তথা ব্যৰ্থ শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ পদত্যাগৰ দাবীত চি পি আই এমৰ শতাধিক কৰ্মীয়ে পল্টনবজাৰস্থিত বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্য্যালয় বিজুলী ভৱনৰ সন্মুখত ধৰ্ণা কৰ্য্যসূচী ৰূপায়ণ কৰে।