গোলকগঞ্জঃ উপ-দ্বীপত পৰিণত হৈছে এখন শ্মশান৷ শৰালি কালত উপ-দ্বীপটোলৈ মৃতদেহ নিব পাৰে যদিও বাৰিষা মহা বিপদত পৰে জনসাধৰণ৷ শ্মশান এখনৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ পৰা এটুকুৰা মাটি বিচাৰি হায়ৰাণ জনসাধাৰণ৷

যাৰ ফলত বন্ধ পথ অৱৰোধ কৰিব লগা হৈছে জনসাধাৰণে৷ আমাৰ ৰাজ্যতে গোলকগঞ্জৰ ব্যৱসায়ীৰ উদ্যোগত গোলকগঞ্জৰ জনতাই বন্ধ পালন কৰাৰ লগতে তিনি ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে।

গোলকগঞ্জ ব্যৱসায়ী সমিতিৰ সভাপতি ৰাজীৱ ৰায় আৰু সম্পাদক কানু ভট্টাচাৰ্যই এক প্ৰেছ বিবৃতি যোগে গোলকগঞ্জৰ গংগাধৰ নদীৰ প্ৰৱল খহনীয়াত বৃহত্তৰ গোলকগঞ্জ অঞ্চলৰ একমাত্ৰ শ্মশান খন উপ-দ্বীপত পৰিণত হোৱা বুলি কয়৷

গোলকগঞ্জ আৰু গৌৰীপুৰ সমষ্টিৰ বহু গাঁৱৰ ৰাইজে মৃতকৰ সৎকাৰ কৰে উপ-দ্বীপ সদৃশ ঠাইটুকুৰাত৷ শ্মশান এখনৰ মাটি বিচাৰি গোলকগঞ্জ ব্যৱসায় সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

পৰিতাপৰ বিষয় এই যে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই এই গুৰুত্বপূৰ্ণ সমস্যাটোক গুৰুত্ব প্ৰদান কৰা নাই৷ ফলত গোলকগঞ্জ ব্যৱসায় সমিতিয়ে ১২ ঘন্টীয়া গোলকগঞ্জ বন্ধ কৰাৰ লগতে আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘন্টীয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।