ডিজিটেল ডেস্কঃ মহিলাসকলৰ পিৰিয়ড চলি থকা অৱস্থাত একাষৰীয়াকৈ ৰাখিলে এতিয়াৰে পৰা জেইল আৰু জৰিমনা দুয়োটাই হ’ব পাৰে নেপালত। বুধবাৰে নেপালৰ সংসদত এই আইন গৃহীত হয়।
নেপালত এতিয়াও এনে অনেক সম্প্ৰদায় আছে যিসকলে পিৰিয়ডৰ সময়ত মহিলাসকলক অপৱিত্ৰ আখ্যা দি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিবলৈ বাধ্য কৰায়। এই কু-ব্যৱস্থাৰ অৱসান ঘটাবলৈকে এই নতুন আইন প্ৰণয়ন কৰিছে নেপালে।
পিৰিয়ডৰ সময়ত মহিলাসকলক বিচ্ছিন্ন কৰি ৰখাৰ এই ব্যৱস্থা নেপালত 'চৌপদ্দি’ নামেৰে পৰিচিত। মূল ঘৰৰ বাহিৰত এটি সৰু ঘৰত সেই সময়ত মহিলাসকলক ৰখা হয়। সেই সময়ত মহিলাসকলক কোনেও স্পৰ্শ নকৰে।
পিৰিয়ড চলি থকা সময়ত মহিলাসকলে নিজেই ঘৰৰ পৰা খোৱাবস্তু লৈ খাব নোৱাৰে। পোহনীয়া জীৱ-জন্তু স্পৰ্শ কৰিব নোৱাৰে, পূজা বা আন কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব নোৱাৰে।
এই অমানৱীয় প্ৰথা আগতেই নিষিদ্ধ ঘোষণা কৰিছিল দেশখনৰ সৰ্বোচ্চ আদালতে। কিন্তু চৌপদ্দিৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা নাছিল। সেয়ে এই প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা হোৱা নাছিল।
এতিয়া নতুন আইন অনুযায়ী কোনো মহিলাক চৌপদ্দি কৰিবলৈ বাধ্য কৰিলে তেওঁৰ তিনি মাহৰ জেইল আৰু তিনি হাজাৰ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে।
উল্লেখ্য যে যোৱা মাহত চৌপদ্দিৰ সময়ত সৰ্প দংশনত মৃত্যু হৈছিল এটি কিশোৰীৰ। এই ঘটনাক লৈ উত্তাল হৈ পৰে সমগ্ৰ নেপাল। ইয়াৰ পিছতে দেশখনৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।