ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি 
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিলাসীপাৰা জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

newsnextoneবিলাসীপাৰা, ৯ অক্টোবৰঃ  প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বিদেশী সজাই বিভিন্ন প্ৰকাৰে  হাৰাশাস্তি কৰা আৰু এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগত আজি সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰা জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যলায়ৰ চৌহদ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্যোগ্য যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে সংখ্যালঘু ৰাইজক সন্দেহযুক্ত  নাগৰিক বুলি নামৰ আগত যধে মধে 'ডি'শব্দটো ব্যৱহাৰ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা  জিলা সমিতিৰ সভাপতি ইনামুল হক, সাধাৰণ সম্পাদক মনিৰুল ইছলাম আৰু প্ৰচাৰ সম্পাদক আমিনুল ইছলাম স্বাক্ষৰিত তিনি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ এখন অৰ্ধশতাধিক সদস্যৰ উপস্থিতিত বিলাসীপাৰা মহকুমাধিপতিৰ হৈ নিৰ্বাচনী বিষয়া সুৰোজ সোনোৱালৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয় লৈ প্ৰেৰণ কৰা হয়। 

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন