দৰঙৰ দলগাঁৱত অগপৰ নিৰ্বাচনী সভাত মিত্ৰ দলৰ বিৰুদ্ধে মহন্তৰ হুংকাৰ
অগপৰ উত্থানে কঁপাইছে কংগ্ৰেছ-এ আই ইউ ডি এফৰ ভেটি
স্কুল আছে শিক্ষক নাই, চিকিৎসালয় আছে ডাক্তৰ নাই: প্ৰফুল্ল কুমাৰ মহন্ত

দলগাঁওঃ দলগাঁৱত দৈনিক সমাগম ঘটিছে ৰথী মহাৰথীৰ। আজি দলগাঁৱৰ বেছিমাৰী আৰু ১/২ নং বৰুৱাঝাৰস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আয়োজিত অগপৰ পৃথক পৃথক দুটাকৈ নিৰ্বাচনী সভাত অংশ লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। 

সভাত প্ৰায় তিনি সহস্ৰাধিক লোকক উদ্দ্যেশি মহন্তই সংখ্যালঘু মুছলমান আৰু বঙালী সকলক ভীতিগ্ৰস্ত নহবলৈ আহবান জনাই কয় যে, অগপ কোনো ধৰ্ম বা ভাষিক লোকৰ বিৰোধী নহয়। বিদেশী বিৰোধীহে। বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বাংলাদেশী নাগৰিকৰ সংস্থাপনৰ ঘোৰ বিৰোধিতা কৰিছে অগপই। অগপই অসম চুক্তিৰ আধাৰত সকলো লোককে নাগৰিকত্ব প্ৰদানৰ পক্ষত আছে আৰু থাকিব। 

ইফালে, বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা নকৰা আৰু মূল্য বৃদ্ধিৰ প্ৰসংগত মিত্ৰ দলটোক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, বৰ্তমান ৰাজ্যত স্কুল আছে, শিক্ষক নাই, চিকিৎসালয় আছে, ডাক্তৰ নাই। মোদীৰ আমোলত ভাৰতৰ অৰ্থনীতি তচনচ হোৱা বুলি নিবনুৱা যুৱক যুৱতীৰ ভবিষ্যতক লৈ হেতালি খেলাৰ অভিযোগ তুলি ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়, অসমৰ যুৱক যুৱতী আই পি এছ, এচি এছ, আই এ এছ হব পাৰে। তেনে ক্ষেত্ৰত ৰেল বিভাগত চাকৰি কৰাৰ যোগ্যতা নাই বুলি কোৱাৰ যুক্তি ক'ত? 

আজিৰ সভাত ফণীভূষণ চৌধুৰীৰ লগতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়েও ভাষন দিয়ে। বৈশ্যই মহন্তৰ কাৰ্যকালত হোৱা উন্নয়ন আৰু সকলো নাগৰিকৰ নিৰাপত্তাৰ বিষয়ে সোঁৱৰাই কয়, মহন্তৰ দিনত অসমত কোনো গোষ্ঠী সংঘৰ্ষ হোৱা নাই বৰং গৰু চোৰ ঘৰ এৰি পলাইছিল। অগপৰ নেতৃত্বই তেওঁলোকৰ সকলো মনোনীত প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ কংগ্ৰেছৰ আমোলত হোৱা দুৰ্নীতিৰ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয়,গগৈয়ে দুৰ্নীতিক স্বীকৃতি দি থৈ গৈছে। সেয়েহে, পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা কৰিবলৈ অগপৰ বিকল্প নাই। 

আনহাতে, যোৱাকালি দলগাঁৱৰ এক সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অখিল গগৈ নেতৃত্বাধীন ৭০ টা জাতীয় সংগঠণৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰা আন্দোলনক ভেল্যুলেছ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মহন্তই কয় যে পাটোৱাৰী অগপৰ উত্থানত হতাশ হৈছে। সেয়ে তেওঁ এনে মন্তব্য কৰিছে। আজিৰ সভাত ১১ নং বিহুদিয়া জিলা পৰিষদৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী সূৰ্য উজ্জ্বলা ভানুৰ লগতে অগপ দলৰ অন্যান্য মনোনীত প্ৰাৰ্থী উপস্থিত থাকে। আজিৰ সভাৰ উপস্থিতিয়ে কংগ্ৰেছ-এ আই ইউ ডি এফৰ ভেটিত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে।

খাৰুপেটীয়াৰ পৰা ফখৰুল ইছলাম