দৰংঃ দৰং জিলাৰ খাৰুপেটীয়া নিকটৱৰ্তী মোল্লাপাৰা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ভষ্মীভুত হ’ল তিনিটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকা মুল্যবান সামগ্ৰী। 

জুইত পুৰি ছাই হ'ল এন আৰ চি কে ধৰি সকলো প্ৰয়োজনীয় নথি পত্ৰ। উল্লেখ্য যে, কালি সন্ধিয়া মোল্লাপাৰা গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ নুৰুল আমিনৰ ঘৰত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড। সন্ধিয়া চাকি দিয়াৰ পিছতে সংঘটিত হয় এই ঘটনা। 

চাকিৰ ওচৰতে থকা মৰাপাটৰ খৰিত জুঁই লাগি সমগ্ৰ ঘৰখনকে জুইৰ লেলিহানে ছানি ধৰাত সেই জুই বিয়পি পৰাত কিছু সময়ৰ ভিতৰতে জুইত জাহ যায় তিনিটাকৈ ঘৰৰ লগতে অন্যান্য মুল্যবান সামগ্ৰী।

বৰ্তমান চলি থকা এন আৰ চি ৰ শুনানিৰ কামৰ সময়তে দুৰ্ভাগ্যজনকভাৱে প্ৰয়োজনীয় নথিপত্ৰ জুইত পুৰি ছাঁই হৈ যোৱাত মূৰে কপালে হাত দিছে পৰিয়ালটোৱে।