খাৰুপেটীয়াঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ। শুকুৰবাৰে ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই দৰঙৰ খাৰুপেটীয়া ৰাজীৱ ভৱন প্ৰাংগনত সহস্ৰাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত নিৰ্বাচনী ভাষণ প্ৰদান কৰে।  

লোক নিৰ্বাচনৰ দলীয় প্ৰচাৰ তুংগত৷ আজি কংগ্ৰেছৰ মংগলদৈ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী, দৰং জিলা কংগ্ৰেছৰ নেতৃবৰ্গৰ লগত ৰাখি বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদ কৰি দলটোক প্ৰত্যাখান কৰি কংগ্ৰেছ দলক জয়ী কৰাবলৈ ভোট বিচাৰি উপস্থিত ৰাইজক আহ্বান জনায়৷

আনফালে, সন্ধিয়াত আয়োজিত উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত দেখা যায় সহস্ৰাধিক ভোটাৰ ৰাইজ৷