দৰংঃ দৰঙৰ মংগলদৈ চহৰত বুধবাৰে দিনৰ ১০ বজাত দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ ৰাইজক বিশেষকৈ মহিলা ভোটাৰক সজাগ কৰিবলৈ এই দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে জিলা প্ৰশাসনে৷ সজাগতাৰ উক্ত দৌৰ প্ৰতিযোগিতা মংগলদৈ গান্ধী ময়দানত দৰং জিলা উপায়ুক্ত ঘনশ্যাম দাসে উদ্ধোধন কৰে৷

আনহাতে, দৌৰত অংশ গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, চক্ৰ বিষয়া দিপশিখা শইকীয়া, দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰশমন বিষয়া জগদীশ ভট্টাচাৰ্য্য প্ৰমুখ্যে কেবাজনো প্ৰশাসনৰ বিষয়াই৷ প্ৰতিযোগিতাটোত অংগনবাড়ী কৰ্মী, আশা কৰ্মী, আত্মসহায়ক গোটৰ শ শ মহিলাই এটা ভোটাৰো যাতে এইবাৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰপৰা বাদ নপৰে তাৰ সজাগতা অনাৰ উদ্দেশ্যৰে বিভিন্ন শ্ল’গানৰ প্লেকাৰ্ড লৈ শ শ মহিলাই অংশগ্ৰহন কৰে৷