ডিজিটেল ডেস্কঃ কেমব্ৰিজ এনালাইটিকাৰ ডাটা কেলেংকাৰীৰ এটাৰ পিছত এটাকৈ নতুন দিশ উন্মোচিত হৈছে। বৃটিছ সংসদীয় সমিতিৰ আগত কেমব্ৰিজ এনালাইটিকাৰ প্ৰাক্তন সঞ্চালক খ্ৰিষ্টোফাৰ ৱাইলিয়ে ভাৰতৰ কংগ্ৰেছ দলক সাঙুৰি লোৱাৰ পিছত এইবাৰ বিস্ফোৰক মন্তব্য চৰ্চালৈ আহিছে।
ৱাইলিয়ে কোৱামতে বুধবাৰে সমিতিৰ আগত প্ৰকাশ কৰে যে ভাৰতৰ সাত লাখখন গাঁৱৰ তথ্য সম্প্ৰতি মজুত হৈ আছে কেমব্ৰিজ এনালাইটিকাৰ মাতৃসংগঠন ষ্ট্ৰেটেজিক কমিউনিকেছন লেবৰেটৰিজৰ হাতত। ছশখন গাঁৱৰ মুঠ সাত লাখ গাঁৱৰ তথ্য মজুত হৈ আছে এছচিএলৰ ডাটাবেচত। সেই ডাটা সময়ে সময়ে আপডেট কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি অহা হৈছে।
তদুপৰি ২০০৩ চনৰ পৰা সংস্থাটোৱে ৰাজনৈতিক দলৰ বাবে জনসাংখ্যিকী সমীক্ষা চলাই আহিছে। ভাৰতত এছচিএলৰ কাম-কাজ সম্পৰ্কে এনেদৰে ভাষ্য প্ৰদান কৰে ৱাইলিয়ে। ইয়াৰ উপৰি ৱাইলিয়ে ভাৰতীয় সাংবাদিকৰ অনুৰোধমৰ্মে কেতবোৰ তথ্য টুইটাৰযোগে প্ৰকাশ কৰে।
এনেদৰে তথ্য সংগ্ৰহ কৰি ৰাজনৈতিক কাৰ্যকলাপত ব্যৱহাৰ কৰা কামটোক একপ্ৰকাৰ ঔপনিবেশিকতাবাদ আখ্যা দিয়ে ৱাইলিয়ে। ইয়াৰ পূৰ্বে ২০১২ চনত উত্তৰ প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ বাবেও কাম কৰা বুলি কয় ৱাইলিয়ে। অৱশ্যে নাম প্ৰকাশ নকৰে ৱাইলিয়ে। ২০১০ চনত বিহাৰৰ জনতা দল (ইউ)ৰ হৈও কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছিল এছচিএল-য়ে।