ডিজিটেল ডেস্কঃ সময়ৰ সোতত বিলীন হৈ গ’ল আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী খ্যাত বাৰবাৰা ব্যুশ্ব৷ টেক্সাচৰ হিউষ্টন নগৰত মঙলবাৰে ৯২ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয় আমেৰিকান ফাৰ্ষ্ট লেডী গৰাকীয়ে৷ নিজৰ স্বামী আৰু সন্তানক ৰাষ্ট্ৰপতিৰ আসনত প্ৰত্যক্ষ কৰা তেওঁ আমেৰিকাৰ একমাত্ৰ মহিলা আছিল৷ আমেৰিকাৰ ৪১তম ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ ব্যুশ্বৰ পত্নী আছিল বাৰবাৰা ব্যুশ্ব৷ ৰবিবাৰে পৰিয়ালৰ এক বিজ্ঞপ্তিত প্ৰকাশ পাইছিল বাৰবাৰাৰ শাৰীৰিক অৱনতিৰ কথা৷ যাৰ প্ৰৰিপ্ৰেক্ষিতত মঙলবাৰে ইহ সংসাৰৰ পৰা বিদায় লয় আমেৰিকাৰ ফাৰ্ষ্ট লেডী গৰাকীয়ে৷
প্ৰাক্তন ফাৰ্ষ্ট লেডীৰ মৃত্যুৰ পিছত পৰিয়ালৰ তৰফৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বাৰবাৰা ব্যুশ্বৰ পুত্ৰ জৰ্জ ডব্লিউ ব্যুশ্বে এক টুইট যোগে মাতৃক স্মৰণ কৰে আৰু মাতৃৰ বিয়োগত সমবেদনা জ্ঞাপন কৰা সকলক ধন্যবাদ জ্ঞাপন কৰে৷