গুৱাহাটীত চাদৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

গুৱাহাটীঃ 'অপ' কোম্পানী বেনাৰ লগাবলৈ গৈ গুৱাহাটীৰ জু-তিনিআলিৰ ৰাধা ভৱনৰ ছাদৰপৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয়৷ ঘটনাটো সংঘটিত হয়  শুকুৰবাৰে দিনৰ ১২ বজাত ।

মৃত ব্যক্তিজনৰ নাম পংকজ বুলি জানিব পৰা গৈছে। মৃত শ্ৰমিক জনৰ ঘৰ ছেগুণবাৰি পাহাৰত। পংকজৰ বয়স ২৯ বছৰ বুলি জানিব পৰা গৈছে।