newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত দিল্লীৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু কেইগৰাকীমান মন্ত্ৰীয়ে দাবী উত্থাপন কৰি সোমবাৰে সন্ধিয়াৰ পৰা দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰৰ আৱাসত বাহৰ পাতিছে৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ নেতৃত্বত ৰাজ্যপাল ভৱনত বাহৰ পতা মন্ত্ৰীকেইগৰাকীয়ে উত্থাপন কৰা দাবী লেফটেনেন্ট গভৰ্ণৰ অনিল বৈজলে পূৰণ নকৰা পৰ্যন্ত তেওঁলোকে ৰাজ্যপাল ভৱনতে বাহৰ পাতি থাকিব বুলিও হুমকি দিয়া পৰিলক্ষিত হৈছে৷
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই মঙলবাৰে এটা টুইট কৰি কয়, ‘গুড মৰ্নিং লেফটেনেন্ট গভৰ্ণৰ ছাৰ, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তিনিগৰাকী মন্ত্ৰীয়ে আপোনাৰ বাসগৃহৰ প্ৰতীক্ষাহলত সোমবাৰে সন্ধিয়াৰ পৰা আপোনাৰ প্ৰতীক্ষা কৰি আছে৷ আমি আশা কৰিছো যে আপুনি আপোনাৰ ব্যস্ত সময়ৰ পৰা আমাৰ বাবে অলপ সময় উলিয়াই আমাৰ তিনিওটা দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিব৷ তেতিয়ালৈকে আমি আপোনাৰ বাবে ইয়াতেই অপেক্ষা কৰিম৷’