newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত দিল্লীৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু কেইগৰাকীমান মন্ত্ৰীয়ে দাবী উত্থাপন কৰি সোমবাৰে সন্ধিয়াৰ পৰা দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰৰ আৱাসত বাহৰ পাতিছে৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ নেতৃত্বত ৰাজ্যপাল ভৱনত বাহৰ পতা মন্ত্ৰীকেইগৰাকীয়ে উত্থাপন কৰা দাবী লেফটেনেন্ট গভৰ্ণৰ অনিল বৈজলে পূৰণ নকৰা পৰ্যন্ত তেওঁলোকে ৰাজ্যপাল ভৱনতে বাহৰ পাতি থাকিব বুলিও হুমকি দিয়া পৰিলক্ষিত হৈছে৷

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই মঙলবাৰে এটা টুইট কৰি কয়, ‘গুড মৰ্নিং লেফটেনেন্ট গভৰ্ণৰ ছাৰ, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তিনিগৰাকী মন্ত্ৰীয়ে আপোনাৰ বাসগৃহৰ প্ৰতীক্ষাহলত সোমবাৰে সন্ধিয়াৰ পৰা আপোনাৰ প্ৰতীক্ষা কৰি আছে৷ আমি আশা কৰিছো যে আপুনি আপোনাৰ ব্যস্ত সময়ৰ পৰা আমাৰ বাবে অলপ সময় উলিয়াই আমাৰ তিনিওটা দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিব৷ তেতিয়ালৈকে আমি আপোনাৰ বাবে ইয়াতেই অপেক্ষা কৰিম৷’

উল্লেখ্য যে, দিল্লীত বিগত ৪ মাহ ধৰি ধৰ্মঘট পালন কৰি থকা আইএএছ বিষয়াসকলক পুনৰ নিজ নিজ কামত নিয়োজিত হ’বলৈ নিৰ্দেশ দিয়া, ৪ মাহ ধৰি কৰ্মত বাধা প্ৰদান কৰি অহা আইএএছ বিষয়াসকলক শাস্তি প্ৰদান কৰা আৰু ৰেচন সামগ্ৰী সমূহ ঘৰে ঘৰে বিতৰণৰ অনুমোদন দিয়াৰ দাবী উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে তেওঁৰ মন্ত্ৰীসভাৰ কেইগৰাকীমান মন্ত্ৰীৰ সৈতে সোমবাৰে সন্ধিয়াৰ পৰা লেফটেনেন্ট গভৰ্ণৰৰ আৱাসত বাহৰ পাতি আছে৷ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ গভৰ্ণৰ অনিল বৈজলে দাবীসমূহ পূৰণ নকৰা পৰ্যন্ত গভৰ্ণৰৰ আৱাসতে প্ৰতীক্ষা কৰিব বুলি জানিবলৈ দিয়ে৷

গভৰ্ণৰৰ আৱাসত বাহৰ পতাৰ পূৰ্বে মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে এটা টুইট কৰে৷ তেওঁ কয়, ‘উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়া, সত্যেন্দ্ৰ জৈন, গোপাল ৰায় আৰু মই গভৰ্ণৰক লগ কৰি কেইটামান দাবী উত্থাপন কৰিছো৷ আমি বিচাৰো যে তেওঁ আমাৰ দাবী মানি লওক৷’