গুৱাহাটীঃ ৰাজ্যৰ ডিটেনচন কেম্পক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে ডিটেনচন কেম্পৰ সন্দৰ্ভত এই ৰায় প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে৷
সেই অনুসৰি এতিয়াৰপৰা বিদেশী বুলি চিনাক্ত হোৱা কোনো লোকক তিনিবছৰৰ অধিক কাল ডিটেনচন কেম্পত ৰাখিব নোৱাৰিব।ন্যায়ালয়ক এক লাখ টকাৰ মূল্য বণ্ড প্ৰদান কৰি মুকলি হ’ব পাৰিব দিটেনচন কেম্পৰপৰা। কিন্তু তাৰ বাবে দুজন ভাৰতীয়ৰপৰা গাইপতি এক লাখ টকাকৈ বণ্ড দিয়াব লাগিব ন্যায়ালয়ক।
লগতে ন্যায়ালয়ে নিজৰ ৰায়দানত কয় যে ডিটেনচন কেম্পৰপৰা মুকলি হোৱাৰ পাছত ভাৰতত ক’ত থাকিব তাৰ সম্পূৰ্ণ তথ্য দিব লাগিব, লগতে বায়'মেট্ৰিকৰ তথ্য আৰু দহোটা আঙুলিৰ চাপ আৰু ফটো। একেদৰে বিদেশী ন্যায়াধীকৰণে নিৰ্ধাৰণ কৰি দিয়া থানাত প্ৰতি সপ্তাহত অভিযুক্তজন হাজিৰ হ’ব লাগিব।
ইয়াৰ উপৰিও যদি কোনো কাৰণত অভিযুক্ত ঠিকনা পৰিৱৰ্তন হয় তেন্তে নিৰ্দিষ্ট থানাত জনাব লাগিব সেই কথা। ইয়াৰ উপৰিও সীমান্ত আৰক্ষীৰ অধিক্ষকে প্ৰতি তিনিমাহৰ মূৰে মূৰে বিদেশীৰ ন্যায়ধীকৰণত অভিযুক্ত সন্দৰ্ভত দিব লাগিব প্ৰতিবেদন। যদি ন্যায়ালয়ৰ এই সমূহ নিয়ম অভিযুক্তই পালন নকৰে তেতিয়া পুনৰ গ্ৰেপ্তাৰ কৰি বিদেশী ন্যায়াধীকৰণত হাজিৰ কৰোৱা হ’ব অভিযুক্তক।