newsnextone.com | ডিজিটেল ডেস্কঃ আমৰণ অনশনৰ মাজতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ সিসোডিয়া৷ ততাতৈয়াকৈ লোকনায়ক হস্পিতালত ভৰ্তি কৰা হয় তেওঁক৷ যোৱা ১১ জুনৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণীষ সিসোডিয়াই ৰাজভৱনত আমৰণ অনশনত বহি আছিল৷ সোমবাৰে উপ-মুখ্যমন্ত্ৰী মণীষ সিসোডিয়া হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰে৷ চিকিৎসালয় চিপিআই নেতা ডি ৰাজা, সমাজবাদী পাৰ্টিৰ নেতা পৰাম গোপাল যাদৱ, আচাৰ্য প্ৰমোদ আদিয়ে স্বাস্থ্যৰ বুজ লয়৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ ৭ দিন অতিক্ৰম কৰিলে৷ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ ধৰ্ণাই ৮ দিনত ভৰি দিলে৷