ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষী মুখ্য কাৰ্যালয় সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ফটো সাংবাদিকে৷ শুকুৰবাৰে মহিলা আৰক্ষীয়ে এগৰাকী মহিলা সংবাদিকক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ মহিলা সাংবাদিকগৰাকীয়ে এই কাণ্ডৰ বিৰুদ্ধে অভিযোগ গোচৰ ৰুজু কৰে আৰক্ষীৰ বিৰুদ্ধে৷
Journalists had heated argument with police outside Delhi Police HQ where they gathered in protest against alleged molestation of a woman journalist by Delhi Cantt SHO & manhandling of another journalist by police y'day. Protesters kept their cameras on ground as mark of protest. pic.twitter.com/DS43OuWXe7
— ANI (@ANI) March 24, 2018
গোচৰ ৰুজু কৰাৰ পিছতো অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাজ পথত কেমেৰা থৈ শতাধিক ফটো সাংবাদিকে শীঘ্ৰে দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷
Journalists protest outside Delhi police quarters in New Delhi demanding strict action against the police personnel for molesting and snatching a camera of female photojournalist. pic.twitter.com/QZdzmDZUzn
— Ashish Sharma (@sashish2) March 24, 2018
দক্ষিণ দিল্লীৰ আইএনএ মাৰ্কেটৰ সমীপত জেএনইউৰ ছাত্ৰী আৰু প্ৰৱক্তাই প্ৰতিবাদ কৰি আহি থকাৰ সময়তে অনুশ্ৰী ফৰণৱীজ নাৰ হিন্দুস্তান টাইমৰ ফটো সাংবাদিকক চোৰ-ডকাইতৰ দৰে ব্যৱহাৰ কৰে কেইবাগৰাকী মহিলা আৰক্ষীয়ে৷ তেঁও নিজকে সাংবাদিক আৰু মোৰ কেমেৰাত নধৰিবা বুলি কোৱাৰ পিছতো শাৰীৰিক নিৰ্যাতন চলাই মহিলা সংবাদিকগৰাকীক৷
Journalists hit the roads against manhandling of HT female journos. Now, police have a problem even with a silent protest of journos at the Delhi Police Headquarters. Join in. pic.twitter.com/ModbdgLXoe
— Prashant Kumar (@scribe_prashant) March 24, 2018
শুকুৰবাৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা জৱাহৰলাল নেহেৰু বিশ্বিবদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে লাঠিচালনা কৰাৰ লগতে পানী নিক্ষেপ কৰাৰ সময়তে সংঘটিত গৈছিল এই ঘটনা৷
জেএনইউৰ ছাত্ৰ আৰু শিক্ষকৰ উপস্থিতিৰ স্বাক্ষৰ বাধ্যতামূলক কৰাৰ দাবীৰ লগতে আন আন কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে উলিওৱা সমদল সংসদ ভৱনৰ সন্মুখলৈ যোৱাৰ কথা আছিল৷ কিন্তু দিল্লী আৰক্ষীয়ে আদবাটতে কোনো কাৰণ নোহোৱাকৈ বল প্ৰয়োগ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষকক উত্তেজিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে জেএনইউৰ ছাত্ৰ একতা সভা আৰু শিক্ষক সংঘই৷
Protest march after Delhi cops thrash photo journalist covering JNU 'Padyatra' https://t.co/n3B66XQJyQ pic.twitter.com/Ch1xUol8Cv
— NDTV (@ndtv) March 24, 2018
তাৰ মাজতে এগৰাকী মহিলা সাংবাদিকে আৰক্ষীয়ে অবাঞ্চিত ভাৱে দেহত হাত দি তাৰ পৰা আতৰি যাবলৈ কয় বুলি অভিযোগ উত্থাপন কৰে৷ ইতিমধ্যে মহিলা সাংবাদিকগৰাকীয়ে সৰোজনী নগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে এই ঘটনাক গুৰুত্ব সহকাৰে লোৱা বুলি কৈ ভিডিঅ’ ফুটেজ পৰীক্ষা কৰি থকা বুলি কয়৷ দিল্লী আৰক্ষীৰ সতৰ্কতা বিভাগে এই ঘটনাৰ তদন্ত কৰিব বুলি কয় আৰক্ষীয়ে৷
Journalist protest in front of Delhi police headquarters against regular attack on photojournalists by police. pic.twitter.com/5SkjaCGltQ
— Nadeem Nadu (@NadeemNadu3) March 24, 2018
Protest grows, number of cameras grows as journalists gherao Police Headquarters in Delhi. They say let's have "chai pe charcha", we demand pehle "FIR ka parcha"! #UnitedJournos pic.twitter.com/GQSuhIj6Oa
— Prashant Kumar (@scribe_prashant) March 24, 2018
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আহি থকাৰ সময়ত এগৰাকী মহিলা সাংবাদিকক মহিলা আৰক্ষীয়ে মাৰধৰ কৰাৰো অভিযোগ উত্থাপন হয়৷ সাংবাদিকগৰাকীয়ে ভুল ঠাইত থিয় দি থকাৰ অভিযোগ উত্থাপন হয়৷ মহিলা ফটো সাংবাদিকগৰাকীয়ে এই অভিযোগ খণ্ডন কৰি তেওঁৰ কেমেৰা পৰ্যন্ত কাঢ়ি লৈ গৈছিল বুলি অভিযোগ উত্থাপন কৰে৷