ডিজিটেল ডেস্কঃ দিল্লীৰ আম আদমি চৰকাৰ যেন সদায় ব্যতিক্ৰম৷ কেতিয়াবা বিধায়কৰ বিৰুদ্ধে গোচৰ, কেতিয়াবা মূখ্য সচিবক মাৰধৰ কৰাৰ বিতৰ্ক আদিত সাঙোৰ খাই পৰে চৰকাৰখন৷ ইজনৰ পিছত সিজন বিধায়ক গ্ৰেপ্তাৰ হৈয়ো বিতৰ্কত সোমাই পৰে আপ দল আৰু দিল্লীৰ চৰকাৰ৷ এনে বহু বিতৰ্ক আৰু অভিযোগ উত্থাপন হৈ অহাৰ পিছতো চৰকাৰে কৰি অহা কিছু কামৰ বাবে শলাগ বুটলি আহিছে৷
Delhi government has taken a decision that the beneficiaries who avail the Ration PDS scheme, will be given ration in sealed packets & the ration will be delivered to their houses: Manish Sisodia, Deputy CM of Delhi. pic.twitter.com/4qrHYBK0vf
— ANI (@ANI) March 6, 2018
মহল্লা ক্লিনিক, বিনামূলীয়া বিশুদ্ধ পানী যোগান, বুুদ্যুৎ মাচুল কম কৰি জনসাধাৰণৰ আপোন হৈ পৰা বুলিও ক’ব খোজে চৰকাৰ খনে৷ বিশেষকৈ সাধাৰণ জনতাৰ বাবে কৰি অহা কিছুমান উন্নয়নমূলক কামৰ বাবে৷ দেশৰ আন আন চৰকাৰসমূহৰ বাবে সুন্দৰ নিদৰ্শন স্বৰূপ হৈ পৰা তেনে এক কাম হাতত লৈছে দেশৰ ৰাজধানী দিল্লীৰ চৰকাৰখনে৷
দৰিদ্ৰ শ্ৰেণীৰ বাবে চাউল মুঠিয়েই হৈছে ভোক নিবাৰণৰ প্ৰধান খাদ্য৷ চাউল মুঠি যোগাৰৰ নামতেই অতি পিছপৰা শ্ৰেণীটোৱে কৰিব লাগে কঠোৰ সংগ্ৰাম৷ হাড়ক মাটি কৰ্ চাউল এমুঠি যোগাৰ কৰিব নোৱাৰা লোক আমাৰ দেশত বৰ্তমানেও অগণন৷ এই শ্ৰেণীটোৰ নামত প্ৰত্যেকখন ৰাজ্যৰ চৰকাৰেই চাউল তথা অন্যান্য সামগ্ৰী বিতৰণ কৰি আহিছে৷ কিন্তু একাংশ লোকে বৰমূৰীয়াৰ সতে হাত মিলাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে প্ৰদান কৰি অহা সামগ্ৰীসমূহ দৰিদ্ৰ পৰিয়ালৰ ঘৰ নাপাওঁতেই আদবাটতে বিক্ৰী কৰি ধন ঘটে৷
সমগ্ৰ দেশতে এনে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হয়৷ দৰিদ্ৰৰ নামত অহা চাউল, দাইল, চেনি, আটা, ময়দা আদি দৰিদ্ৰই চুবলৈ নোপোৱাৰ আগতেই সমবায় এজেণ্ট সকলে ব্যাপক দুৰ্নীতি জৰিয়তে বিক্ৰী কৰি বৰ মূৰীয়াৰ সৈতে লগলাগি৷ এই দুৰ্নীতিৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাজহুৱা সামগ্ৰী সহজেই লাভ কৰাৰ স্বাৰ্থত দৰিদ্ৰলোকসকলক এইবাৰ দিল্লী চৰকাৰে চাউল ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব৷
জানিব পৰা মতে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছৌদিয়াই পিডিএছ আঁচনিৰ অধীনত যিসকলে চাউল লাভ কৰে তেওঁলোকক ছিল মোহৰ লাগি থকা বস্তাত চাউল সমূহ ঘৰে ঘৰে গৈ বিতৰণ কৰা হ’ব বুলি চিছৌদিয়াই জানিবলৈ দিয়ে৷ এনে বন্ধ পেকেটিঙত চাউল বিতৰণ কৰিলে দৰিদ্ৰ লোকসকলে কোনো ধৰণৰ সমস্যাত নপৰে আৰু ইয়াৰ জৰিয়তে চাউলৰ ক্ষেত্ৰত এচামে কৰি অহা দুৰ্নীতিও ৰোধ হ’ব বুলি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷