ডিজিটেল ডেস্কঃ দিল্লীৰ ৰামলীলা ময়দানত বৃহস্পতিবাৰে অসমৰ পৰা যোৱা তিনি সংগঠনৰ কেইবাশতাধিক লোকে সুকীয়া স্বায়ত্ব ৰাজ্যৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিমা হাচাও, কাৰ্বি আংলং জিলাক সামৰি সুকীয়া স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰাৰ দাবীত কাৰ্বি ষ্টুডেন্ট এচোছিয়েচন আৰু কাৰ্বি আৰু ডিমা হাচাও ষ্টেট ডিমাণ্ড কমিটিয়ে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে৷
কেইবা শতাধিক পুৰুষ-মহিলাই ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জনগোষ্ঠীৰ বাবে সন্নিবিষ্ট হৈ থকা ২৪৪ (ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ দাবী জনায়৷ পাহাৰীয়া জিলা তিনিখনৰ ৰাইজে দীৰ্ঘদিনে পৃথক পৃথক মঞ্চৰ জৰিয়তে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰে ২৪৪ (ক) ৰূপায়ণৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷
যোৱা ২৪ মাৰ্চত কাৰ্বি পাহাৰৰ পৰা এখন বিশেষ ৰেল যোগে দিল্লীলৈ যাত্ৰা কৰিছিল ৩ সহস্ৰাধিক লোকে৷ ডিফু ৰেলষ্টেচনৰ পৰা যাত্ৰা কৰি এখন বিশেষ ৰেলেৰে দিল্লীত উপস্থিত হৈ নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত এখন স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷
কাঞ্চাচডিকমে নেতৃত্ব বহন কৰা প্ৰতিবাদথলীত বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা তিনিখনৰ বিভিন্ন ৰাজনৈতিক দল, আলোচনাপন্থী উগ্ৰপন্থীৰ সদস্য, ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মী, সদস্য উপস্থিত থাকে৷