ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ধৰৱাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘ধৰ্ণা’ত বহে৷ অমিত শ্বাহক সংগ দিয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ কংগ্ৰেছৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা আৰু বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি দেশব্যাপি ‘ধৰ্ণা’ত বহে বিজেপিয়ে আন্দোলন কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অনশনত বহে৷ 

সমগ্ৰ দেশতে বৃহস্পতিবাৰে শাসকীয় বিজেপিয়ে ‘ধৰ্ণা’ নামৰে অনশন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অনশনত বহাৰ কথা পূৰ্বে ঘোষণা কৰিছিল বিজেপিয়ে৷ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নহয় বিজেপিৰ প্ৰতিগৰাকী সাংসদ, নেতা-কৰ্মীয়ে নিজ নিজ সমষ্টিত বিৰোধীৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি অনশনত বহে৷ 

২৩ দিন সদন বাৰে বাৰে স্থগিত ৰাখিব লগা হৈছিল৷ অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদ, পঞ্জাৱ নেচ’নেল বেংক কেলেংকাৰী, কাবেৰী, এছটি-এছচি আইন দুৰ্বল কৰাৰ দৰে বিষয়ক লৈ বিৰোধীয়ে তীব্ৰ হৈ-হাল্লা কৰি অহাত সদন স্থগিত ৰাখিব লগা হয়৷

কংগ্ৰেছৰ আচৰণৰ বাবে সংসদীয় ব্যৱস্থা নিম্ন স্তৰলৈ আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰি বিৰোধীৰ সাংসদৰ বাবে সদনৰ গতি ৰোধ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী, সভাপতি শ্বাহে সাংসদ, বিধায়ক, নেতা-কৰ্মী প্ৰতিবাদ সাব্যস্ত কৰে সমগ্ৰ দেশজুৰি। বিৰোধীয়ে দুয়ো খন সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলটোৰ সাংসদসকলে ২৩ দিনৰ দৰমহা নোলোৱাৰো সিদ্ধান্ত লয়৷