ধেমাজিঃ ঘৰতে তৈয়াৰ কৰা জৈৱ সাৰ আৰু কীটনাশকেৰে কৰা ভোট জলকীয়াৰ খেতিৰে আদৰ্শ খেতিয়ক হিচাপে প্ৰতিষ্ঠিত হৈছে ধেমাজিৰ এজন খেতিয়ক। ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱা ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনি বৰবাম কছাৰী গাঁৱৰ এই খেতিয়কজনেই হৈছে চন্দ্ৰ ডেকা বৰুৱাই।
ধেমাজি জিলাৰ বৰদলনি মৌজাৰ অতি পিছপৰা বৰবাম কছাৰী গাওঁ। চন্দ্ৰ ডেকা বৰুৱা নামৰ শিক্ষিত লোক জনে তিনি কঠা মাটিত ঘৰুৱা পদ্ধতিৰে আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি।
মালচিং পেপাৰৰ ওপৰত ৰোপন কৰা ভোট জলকীয়া খেতিৰ পৰা যথেষ্ট উপকৃত হয় খেতিয়কজন৷ ভোট জলকীয়া বিক্ৰীৰে লখিমপুৰৰ পৰা অৰুণাচললৈকে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা ডেকা বৰুৱাই চৰকাৰী সাহায্য নোপোৱাত ক্ষোভ ব্যক্ত কৰে৷ খেতিয়কজনে মান চাদা, গৰুৰ মূত্ৰ আৰু নিমপাতেৰে তৈয়াৰী কীটনাশকেৰে ভোট জলকীয়া গছ পোকৰ পৰা ৰক্ষা কৰাৰ লগতে সাৰো ঘৰতে তৈয়াৰ কৰে বুলি জানিব দিয়ে৷