ডিব্ৰুগড়ঃ বিগত বৰ্ষৰ দৰে ডিব্ৰুগড়ত এইবাৰো চৰকাৰী বিদ্যালয়ক চেৰ পেলালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে। বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম ১০টা স্থানৰ ভিতৰত ৬গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

বিশেষকৈ ডিব্ৰুগড় চহৰৰ আগশাৰীৰ বিদ্যালয় ছল্টব্ৰুক একাডেমীৰ দুগৰাকী, নামৰূপৰ বি ভি এফ চি এল মডেল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দুগৰাকী, চাবুৱাৰ মন্টফৰ্ট স্কুলৰ এগৰাকী আৰু ডিব্ৰুগড় লিটল ফ্লাৱাৰ স্কুলৰ এগৰাকীয়ে স্থান লাভ কৰে।

ডিব্ৰুগড় ছল্ট ব্ৰুক স্কুলৰ পৰা ৫৮৮ নম্বৰসহ শীৰ্ষ দ্বিতীয় লাভ কৰা ৰাজন্য কাশ্যপ গগৈৰ ভৱিষ্যত পৰিকল্পনা এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ। ডিব্ৰুগড় মলখুবছাৰ নিবাসী তথা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুতুল গগৈ আৰু অংগনবাড়ী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা জ্যোস্না দত্তৰ কন্যা ৰাজন্য কাশ্যপে পৰীক্ষাৰ সময়ত দৈনিক ১৭ ঘন্টাকৈ অধ্যয়ন কৰিছিল।

ঘৰুৱা শিক্ষাৰ অবিহনে সুখ্যাতিৰ উত্তীৰ্ণ হৈ শীৰ্ষ স্থান দখল কৰা ৰাজন্যই লোৱা নাছিল কোনো ঘৰুৱা শিক্ষকৰ সহায়। তেওঁ এই কৃতিত্বৰ বাবে ভগৱান, অভিভাৱকসকলক কৃতজ্ঞতা জনাইছে। শিক্ষানুষ্ঠানখনৰ আন এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত ৰিয়া হাজৰিকাই প্ৰথম ১০টা স্থানৰ ভিতৰত ৫৮০ নম্বৰসহ দশম স্থান দখল কৰে। দুগৰাকীকৈ কীৰ্তিমানৰ সাফল্যত আজিও উছৱমুখৰ হৈ পৰে শিক্ষানুষ্ঠানখন। 

ব্যৱসায়ী অদীপ হাজৰিকা আৰু প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী সংগীতা হাজৰিকাৰ কন্যা ৰিয়াৰ ভৱিষ্যতৰ সপোন অভিযন্তা হোৱাৰ। দৈনিক ৪-৫ ঘন্টাকৈ অধ্যয়ন কৰা ৰিয়াই অসমীয়া, ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কনিষ্ঠ অভিযন্তা জ্যোতিপ্ৰসাদ দত্ত আৰু পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা দীপামণি দত্ত গগৈৰ কন্যা তথা ডিব্ৰুগড় লিটল ফ্লাৱাৰ হাইস্কুলৰ ছাত্ৰী নীহা প্ৰিয়দৰ্শীনিয়ে ৫৮৪ নম্বৰসহ ষষ্ঠ স্থান দখল কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।

দৈনিক ১৩-১৪ ঘন্টাকৈ অধ্যয়ন কৰা নীহা প্ৰিয়দৰ্শীনিৰ ভৱিষ্যত পৰিকল্পনা চিকিত্সক হোৱাৰ। আজৰি সময়ত উপন্যাস পঢ়ি ভালপোৱা নীহাই গণিত, ইংৰাজী, সমাজ বিজ্ঞান আদি বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল। তেওঁ গুৱাহাটীৰ সাই বিকাশ জুনিয়ৰ কলেজত বিজ্ঞান শাখাত অধ্যয়নৰ বাবে ইচ্ছা থকাৰ কথা প্ৰকাশ কৰিছে।